নিউজ ডেস্কঃ
অভিনেত্রী কৰীনা কাপুৰে সম্প্রতি তেওঁৰ ইনষ্টাগ্রাম প্রফাইলত তেওঁৰ কনিষ্ঠ পুত্র জাহাঙ্গীৰৰ এখন ছবি পোষ্ট কৰিছে। শনিবাৰে চৈফ-কৰীনাৰ কনিষ্ঠ সন্তানৰ ছ’মাহ পূর্ণ হ’ল। দুই পুত্ৰ তৈমুৰ আৰু জাহাঙ্গীৰক লৈ ‘চৈফিনা’ সদ্যহতে মলদ্বীপত অৱসৰ বিনোদনত আছে।
ইনষ্টাগ্রামত নিজৰ পুত্ৰৰ সৈতে ছবি পোষ্ট কৰি কৰীনাই লিখিছে, ‘জাহাঙ্গীৰৰ প্রতি তেওঁৰ ভালপোৱা অটুট থাকিব সমগ্ৰ জীৱন।’ সন্তানটিক তেওঁ শুভেচ্ছাও জনায়। ছবিত দেখা গৈছে জাহাঙ্গীৰক বুকুৰ মাজত লৈ সমুদ্র তীৰত থিয় হৈ আছে কৰীনা।
অৱশ্যে প্রথমতে চৈফ আৰু কৰীনাই সিদ্ধান্ত লৈছিল যে জাহাঙ্গীৰৰ ছবি তেওঁলোকে জনমানসৰ সন্মুখলৈ নানে৷ কিন্তু কৰীনাৰ গ্ৰন্থ ‘প্রেগনান্সি বাইবেল’ প্রকাশ পোৱাৰ পিছত জনা যায় যে তেওঁ নিজেই জাহাঙ্গীৰৰ ছবি প্রকাশ কৰিছে উক্ত গ্ৰন্থত। তাৰ পিছৰ পৰাই কৰীনাই তেওঁৰ কনিষ্ঠ পুত্রৰ ছবি ছচিয়েল মিডিয়াত পোষ্ট কৰে৷