![]()
বিশেষ প্ৰতিবেদনঃ
নগাঁও : নিচাযুক্ত ড্ৰাগছৰ ঘাটিকে ধৰি বিভিন্ন অপৰাধীৰ ৰম্যভূমি হিচাপে পৰিচিত নগাঁও চহৰৰ ফাঁচি ৰোডত আজি বেদখলীকৃত চৰকাৰী ভূমিত জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় । নগাঁৱৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ সহযোগত জিলা প্ৰশাসনে বুল্ডডোজাৰেৰে উচ্ছেদ অভিযান চলায়। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে ২২টা পৰিয়ালক উক্ত চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰা হয়।

উল্লেখ্য যে, এই অঞ্চলটোত বসবাস কৰা অধিকাংশ লোকে ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ লগত জড়িত। দুদিন পূৰ্বেও নগাঁও আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰা দুগৰাকী মহিলাক আটক কৰাৰ লগতে বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ, গাঞ্জা আদি জব্দ কৰে। ইয়াৰ পূৰ্বেও আৰক্ষীয়ে সময়ে সময়ে অঞ্চলটোত অভিযান চলাই আহিছে যদিও আৰক্ষীয়ে উৎখাত কৰা ড্ৰাগছৰ ঘাটি কিছুদিনৰ পিছতে পুনৰ আৰম্ভ হয়। আৰক্ষী প্ৰশাসনে সদৰি কৰা মতে, অসামাজিক কাম-কাজ, ড্ৰাগছ, দেহ ব্যৱসায় আদি অপৰাধজনিত ঘটনা সঘনে সংঘটিত হৈ অহা অঞ্চলটোৰ একাংশ লোকে নগাঁৱৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। যাৰ বাবে আৰক্ষীয়ে ফাঁচি ৰোড অঞ্চলত কেইবাবাৰো অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজন লোকক গ্রেপ্তাৰ কৰে । আৰক্ষীয়ে বাৰে বাৰে সঁকীয়াই দিয়াৰ পিচতো অসামজিক কাৰ্যকলাপ অব্যাহত ৰখা অঞ্চলটোত অৱশেষত প্ৰশাসনে উচ্ছেদ আভিযান চলাবলৈ বাধ্য হয় ।
অৱশ্যে অভিযান কালত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।













