![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কংগ্ৰেছৰ দূর্গৰূপেখ্যাত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা যাব বিজপিলৈ ! বিজেপিৰ দলীয় মঞ্চত থিয় হৈ তাৰে ইংগিত দিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে।
উল্লেখ যে, বিজেপি দলীয় মঞ্চত থিয় হৈ জন আশীৰ্বাদ যাত্ৰা’ত বৰুৱাই আদৰণি জনাই কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

যোৰহাটৰ আশীৰ্বাদ যাত্ৰা এখন সভাত কংগ্ৰেছ বিধায়ক বৰুৱা ৰামেশ্বৰ তেলী, তপন গগৈ, মন্ত্ৰী যোগেন মহনৰ সৈতে একেখন মঞ্চত উপস্থিত থাকে।
কংগ্ৰেছৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰা তিতাবৰ পৰা প্ৰথমবাৰ বিধায়ক হৈছিল বৰুৱাই।
ইফালে বিজেপি মঞ্চত বৰুৱাৰ উপস্থিত থকা প্ৰসংগই ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ হৈছে।বিশেষ সূত্ৰখবৰ অনুসৰি শীঘ্ৰে কংগ্ৰেছৰ বিধায়ক পদত্যাগ কৰি বৰুৱাই বিজেপিত যোগদান কৰিব।













