![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : ডিফুত মুখ্যমন্ত্ৰীৰ উপস্থিত উপায়ুক্তসকলৰ সন্মিলন চলি থকা সময়তে সংঘটিত হৈছে বেংক চুৰিৰ ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিফুৰ হৃদয়স্থলীত থকা বেংক অৱ ইণ্ডিয়াৰ ডিফু শাখাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ বেংক কৰ্তৃপক্ষৰ পৰা জানিব পৰা অনুসৰি আজি পুৱতি নিশা ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত সংঘটিত হয় এই চুৰিকাণ্ড ৷ বেংকৰ চিচি কেমেৰাৰৰ দৃশ্য অনুসৰি বেংকটোৰ পিছফালৰ খিৰিকিৰ গ্ৰিল ভাঙি প্ৰৱেশ কৰে চোৰটো ৷ চোৰটোৱে বেংকটোৰ ভিতৰত অনাধিকাৰ প্ৰৱেশ কৰি বেংকটোৰ ভিতৰত থকা চিডিএম মেছিন ভাঙি ভিতৰত থকা ধন উলিয়াই নিয়াৰ অপচেষ্টা কৰে ৷ চিডিএম মেছিনটোৰ ধনবিলাক কৌশলগতভাৱে ৰখাৰ বাবে চোৰটো নিব নোৱাৰিলে ধন ৷ এই সন্দৰ্ভত ডিফু থানাত গোছৰ দাখিল কৰা হ’ব বুলি জনায় বেংকৰ হেড কেচিয়াৰ বেঞ্জামিন চিংনাৰে ৷
ইতিমধ্যে বেংকটোৰ কৰ্তৃপক্ষই বেংকটোৰ সন্মুখত “ব্ৰাঞ্চ ইজ টেম্পৰেৰিলী ক্লজড ফৰ চিকিউৰিটি ৰিজন” জাননী আৰি থৈছে ৷












