![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলঙৰ অসম নাগালেণ্ড সীমান্তত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰীসহ নিষিদ্ধ মৰ্ফিন ।
কাৰ্বি আংলংৰ বোকাজানৰ পুৰণি লাহৰিজানত প্ৰায় ৩ কোটি টকাৰ ড্ৰাগছ জব্দ। পুৰণা লাহৰিজান পেট্ৰল পোষ্টৰ নাকা তালাচীত জব্দ ১ কেজি মৰ্ফিন । AS-09C-6054 নম্বৰৰ এখন বাছত আনিছিল ড্ৰাগছখিনি।
দুই ড্ৰাগছ সৰবৰাহকাৰী ধৃত সঞ্জীত কুমাৰ আৰু লক্ষ্মণ চৌধুৰীক আটক কৰিছে আৰক্ষীয়ে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহিছিল বাছখন। বাছৰ চিটৰ তলত লুকুৱাই অনা অৱস্থাত আৰক্ষীযে জব্দ কৰে ড্ৰাগছখিনি।












