ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত উপায়ুক্তসকলৰ প্ৰথমখন সন্মিলনৰ সামৰণি

উপায়ুক্তসকলৰ পৰৱৰ্তী সন্মিলন অনুষ্ঠিত হ'ব তেজপুৰত

News Desk by News Desk
August 24, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : ডিফুৰ বন বিভাগৰ আৰব’ৰেটাম প্ৰেক্ষাগৃহত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা উপায়ুক্ত সন্মিলন আজি ৪ বজাত অন্ত পৰে ৷ দেওবাৰে ১১ বজাৰ পৰা আৰম্ভ হোৱা সন্মিলন ২১ ঘণ্টা নিৰন্তৰে আলোচনা কৰা হয়৷ অহা ছয় মাহত কোনবোৰ কাম কৰা হ’ব সেই সম্পৰ্কে আলোচনা কৰা হয়৷ বৈঠকৰ শেষত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰি কয় ভূমি বসুন্ধৰা নামৰ আঁচনিৰ জৰিয়তে ভূমি সমস্যাসমূহ নিষ্পতি কৰাৰ কথা অৱগত কৰে৷ লগতে জনসাধাৰণে উপায়ুক্ত/সচিবালয়লৈ নোযোৱাকৈ অধিকাংশ সমস্যা পৰ্টেলৰ জৰিয়তে সমাধানৰ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয়৷ উপায়ুক্তৰ জৰিয়তে প্ৰতিটো বিভাগ অধিক গতিশীল কৰি তোলাৰ উদ্দেশ্যে দুদিনীয়াকৈ অনুষ্ঠিত সন্মিলনতে চৰকাৰৰ এটা বছৰ সম্পূৰ্ণ হ’বলগীয়া অহা ১০ মে’ৰ ভিতৰত কোন বিলাক কাম কৰিব তাৰ লক্ষ্য বান্ধি ল’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

পৰৱৰ্তীখন সন্মিলন ছমাহৰ পিছত তেজপুৰত পৰ্যালোচনা কৰা হ’ব  বুলি সংবাদিকক জানিব দিয়ে । ৰাজ্যখনত আৰক্ষীয়ে হাতত লোৱা ব্যৱস্থাসমূহৰ লগত সাধাৰণ প্ৰশাসনে কিদৰে একেলগে কাম কৰিব পাৰে সেই সন্দৰ্ভত আজিৰ বৈঠকত আলোচনা হয় বুলি কয় ৷ প্ৰতেকটো বিভাগৰ আঁচনিসমূহ বিভাগীয় মন্ত্ৰীসকলৰ লগতে বিভাগৰ বিষয়াসকলে জিলা উপায়ুক্তসকলৰ সন্মূখত দাঙি ধৰে বুলি মন্তব্য কৰে ৷ এই আলোচনা ৰাজ্যখনৰ বাবে বাস্তৱ আৰু ফলদায়ক বুলি মন্তব্য কৰাৰ লগতে ইয়াৰ পৰৱৰ্তী বৈঠক তেজপুৰত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেজপুৰত অনুষ্ঠিত হবলগীয়া উপায়ুক্তসকলৰ সন্মিলনত আজিৰ সিদ্ধান্তসমূহৰ পৰ্যালোচনা কৰা হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেঘালয়ৰে থকা সীমা সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে লোৱা হৈছে বুলি জনায় ৷

আনহাতে কাৰবি বিদ্ৰোহী সংগঠনৰে সৈতে হ’বলগীয়া প্ৰস্তাৱিত শান্তি চুক্তি সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই সন্দৰ্ভত ৰাজ্য চৰকাৰে সকলো কাম-কাজ সামৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে বৰ্তমান বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন ৷ শান্তি চুক্তিত কাৰবি আংলঙৰ দীৰ্ঘদিনীয়া দাবী ২৪৪ (ক) বিষয়টো অন্তৰ্ভূক্ত কৰা হোৱা নাই যদিও এই সন্দৰ্ভত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জনাইছে ৷ সীমন্তঞ্চলৰ ভূমি সমস্যক লৈ “দিয়া-লোৱা” নীতিৰ ওপৰত চৰকাৰৰ স্থিতি স্পষ্ট কৰি কয় যে, এই নীতিৰ জৰিয়তে অসমৰ ভূমি অসমে লাভ কৰাৰ বিপৰীতে সংশ্লিষ্ট ৰাজ্যৰ ভূমি সেই ৰাজ্যই লাভ কৰিব বুলি কয় ৷

এই সন্দৰ্ভত কেতবোৰ অপপ্ৰচাৰে সাধাৰণ মানুহৰ মাজত অশান্তিৰ সৃষ্টি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ সন্মিলনত অংশগ্ৰহণৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীয়ে ডিফু আৱৰ্ত ভৱনৰ নৱনিৰ্মিত ভৱনখনৰ শুভ উদ্ধোধন কৰে ৷ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ৰঞ্জিত দাস, ৰনুজ পেগু , বিমল বৰা, যোগেন মোহন, আশোক সিংঘালৰ লগতে উপাধ্যক্ষ নোমল মমিন, সাংসদ হৰেন সিং বে’ আৰু কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং সন্মিলনত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ লগতে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx