![]()
স্বাস্থ্য প্ৰতিবেদন:
এটা বয়সৰ পিছত মহিলাসকলৰ বহুতেই হৰমোন সংক্রান্তীয় নানা সমস্যাত ভোগে। বিশেষকৈ ৪০ পৰৱর্তী মহিলাসকলৰ হৰমোনৰ অসুখ বেছি হয়। এই ভাৰসাম্যহীনতাৰ কাৰণে ওজন বৃদ্ধি হোৱা, অকাৰণতেই খং উঠা, মন বেয়া লগাৰ সমস্যাই দেখা দিয়ে। কিন্তু ২০-৩০ বছৰীয়া মহিলাসকলৰো এই সমস্যা হ’ব পাৰে। ইয়াৰ পৰা মুক্তি পাবলৈ ভৰসা ৰাখক কেইটামান যোগাসনত।
ভুজঙ্গাসন
পেটৰ ওপৰত ভৰ দি শুৱক। ভৰি দুখন পিছৰ ফালে লগ লগা অৱস্থাত ৰাখক। কান্ধৰ ঠিক তলত হাত দুখন ৰাখি কিলাকুটি চিধা ৰাখক। এই অৱস্থাত শ্বাস লৈ মাজৰ পৰা শৰীৰ উঠাই বুকু চিধা কৰি ৰাখক। কান্ধ সন্মুখৰ ফালে নানিব। এইবাৰ ডিঙি চিধা কৰি সন্মুখৰ ফালে দিকে চাওক। এই অৱস্থাত পাঁচবাৰ শ্বাস-প্ৰশ্বাস লওক। তাৰ পিছত আৰম্ভণিৰ ভঙ্গীলৈ যাওক।
উষ্ট্রাসন
আঁঠু কোঁচাই বহক। পিছফালে অৱপ হাউলি হাত দুখনেৰে ভৰিৰ গোৰোহা ধৰক। ইয়াৰ পিছত মূৰ পিছফালে নি লাহে লাহে পেটৰ অংশটো সন্মুখৰ ফালে আগবঢ়াই দিয়ক। সোঁহাতৰ বুঢ়া আঙুলিটো সোঁফালৰ গোৰোহাৰ ভিতৰ ফালে ৰাখি বাকীকেইটা আঙুলি বাহিৰৰ ফালে ৰাখক। বাকীবোৰৰ ক্ষেত্রতো একে ধৰণে ৰাখক। ভৰিৰ পতা মাটিত ৰাখক। স্বাভাবিক ধৰণে শ্বাস-প্রশ্বাস লৈ শৱাসন কৰি আৰম্ভণিৰ অৱস্থালৈ উভতি যাওক।
শশাঙ্গাসন
প্রথমতে আঁঠিকাঢ়ি বহক। তাৰ পিছত মূৰ সন্মুখৰ ফালে নমাবই চেষ্টা কৰক কপালেৰে আঁঠু চুবলৈ। এইবাৰ হাতেৰে দুই ভৰিৰ গোৰোহা ধৰক। স্বাভাৱিক শ্বাস-প্রশ্বাস লওক। তাৰ পিছত লাহে লাহে মূৰৰ তালু মাটিত স্পৰ্শ কৰি দহবাৰ গণি এৰি দিব। প্রথমতেই ইমানখিনি নোৱাৰিলে অভ্যাস কৰিলে লাহে লাহে পাৰিব।













