![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্ত অঞ্চলৰ উমলাফেৰত উত্তপ্ত পৰিস্থিতি ৷ উমলাফেৰত স্থাপন কৰা অসম আৰক্ষীৰ শিবিৰ ঘেৰাও দুই শতাধিক খাচী লোকৰ ৷
ভাঙি চুৰমাৰ কৰে শিবিৰত স্থাপন কৰা বাংকাৰ ৷ উমলাফেৰত আৰক্ষীয়ে স্থাপন কৰা তালাচী চকীক কেন্দ্ৰ কৰি উদ্ভৱ এই উত্তপ্ত পৰিস্থিতিৰ ৷
নিশা আৰক্ষী তালাচী চকীত এজন খাচী লোকক আৰক্ষীৰ এজন কনিষ্টবলে দুৰ্ব্যবহাৰ কৰাৰ অভিযোগতৰ প্ৰতিবাদত আৰক্ষী শিবিৰ ঘেৰাও স্থানীয় খাচী লোকৰ ৷ ঘটনাস্থলীত উপস্থিত মেঘালয় আৰক্ষী আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ বিশাল বাহিনী ৷












