![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ধুবুৰীৰ প্ৰাক্তন এডিচি, বৰ্তমানৰ শাখা উন্নয়নৰ উপ-সচিব চাইবুৰ ৰহমানক গ্ৰেপ্তাৰ। আয়বৰ্হিভূত সম্পত্তিৰ থকা অভিযোগত বিষয়াগৰাকীক গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছে ৰহমানক।
উল্লেখ যে শীর্ষবিষয়াগৰাকী আয় তুলনাত সম্পত্তি অধিক হোৱাত তলব কৰা হৈছিল। সম্পত্তি তথ্যত মুখ্যমন্ত্ৰী তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।
এনআৰচি উন্নীতকৰণৰ সময়ত মৰিগাঁও জিলা নির্বাচনী বিষয়া আছিল ৰহমান। বহু পূৰ্বৰে পৰা বিষয়া গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈ আহিছিল দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ। মঙলবাৰে গ্ৰেপ্তাৰ কৰি বিষয়া গৰাকীক হাজিৰ কৰোৱা হয় আদালতত।
গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰীৰ বিষয়াসকলক দুৰ্নীতি নকৰিবলৈ সতৰ্ক কৰি থকা মাজতে আয়বৰ্হিভূত সম্পত্তি থকা অভিযোগত ৰহমানৰ গ্ৰেপ্তাৰ কৰা হৈছে।













