![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা বাবে ৰাজ্যত বন্ধ হৈ থকা ৰাজহুৱা যাতায়ত ব্যৱস্থা চলাচল কৰা বাবে সাজু হৈছে চৰকাৰ। ১ ছেপ্টেম্বৰ পৰা আন্ত:জিলা বাছ চলাচল আৰম্ভ হ’ব। মঙলবাৰে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কামৰূপ (ম) জিলাত বন্ধ হৈ থকা আন্তঃজিলা যাতায়ত শিথিল কৰা পৰিকল্পনা ৰাজ্য চৰকাৰৰ।
লকডাউনত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্য পৰিবহণ খণ্ড। তাৰ বাবে চালক-হেণ্ডিমেনলৈ ৰাজ্য চৰকাৰে আগবঢ়াব ১০ হাজাৰ টকাকৈ।
সান্ধ্য আইন ৭ বজাৰ পৰিৱৰ্তে আৰু এঘণ্টা শিথিল কৰি ৮ বজাৰ পৰা হোৱাৰো ইংগিত দিয়ে শৰ্মাই।
আনহাতে পদপথৰ ব্যৱসায়ী আৰু ক্ষুদ্র ব্যৱসায়ীৰ বাবে দুই-এদিনতে আঁচনি ঘোষণাৰ কথা উল্লেখ কৰে শৰ্মাই।













