![]()
নগাঁও : নগাঁৱৰ বি এম এন্টাৰটেইনমেন্টৰ উদ্যোগত আয়োজিত চলিত বৰ্ষৰ উত্তৰ-পূব ভাৰত চুটি ছবি প্ৰতিযোগিতাৰ বঁটাসমূহ প্ৰদান কৰা হয় । এই উপলক্ষে আজি নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অংশগ্রহণ কৰি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক অৰূপ মান্নাই কয় : চুটি ছবি অথবা তথ্য চিত্ৰ নিৰ্মাণ কৰাটো সহজ যেন লাগিলেও একোখন চুটি ছবিৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হয়। ইয়াৰ বাবে ছবি নিৰ্মাতাজনে যথেষ্ট কষ্ট কৰিব লগা হয়।
আনহাতে, মাথো পুৰস্কাৰ পোৱাটোৱেই ছবি নির্মাণৰ লক্ষ্য হ’ব নেলাগে বুলি চলচ্চিত্ৰ নিৰ্মাতা অৰূপ মান্নাই তাৎপর্যপূৰ্ণ মন্তব্য কৰে। বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে যুৱচামৰ ছবি নিৰ্মাতাসকলক একাগ্ৰভাৱে ভাল ছবি নির্মাণৰ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে চলচ্চিত্ৰৰ বিভিন্ন দিশৰ বিষয়ে উল্লেখ কৰি কয় যে চুটি ছবিয়েই হওক বা তথ্য চিত্ৰ হওক সকলোৰে এটা উদ্দেশ্য থাকে। প্ৰসংগক্ৰমে গল্পকাৰগৰাকীয়ে ভাল চলচ্চিত্ৰ চোৱাটো পাঠ্যপুথিৰ দৰে নিদৰ্শন হোৱা উচিত বুলি মন্তব্য কৰে । উত্তৰ-পূব ভাৰত চুটি ছবি প্ৰতিযোগিতাৰ মূল উদ্যোক্তা মুনজ্যোতি নাথ আৰু অভিনেতা বিদ্যুৎ জ্যোতি শইকীয়াই আঁতধৰা অনুষ্ঠানত সাংবাদিক জিতেন বৰকটকীয়ে একোখন ভাল ছবিয়ে সমাজত যোগাত্মক প্ৰভাৱ পেলাই বুলি মন্তব্য কৰে।
উল্লেখ্য যে উত্তৰ-পূবৰ ৰাজ্যসমূহক লৈ ভাৰ্চুৱেল মাধ্যমত অনুষ্ঠিত চুটি ছবি প্ৰতিযোগিতাখনত কেশৱ জ্যোতি নাথৰ ‘এ গ্লাছ অৱ মিল্ক’ নামৰ চুটি ছবিখনে শ্ৰেষ্ঠ ছবি, পৰাগ কুমাৰ বৰাৰ ‘গলপটা’ নামৰ চুটি ছবিখনে দ্বিতীয় স্থান, ৰাজীৱ দাসৰ ‘আলোফ’ আৰু পংকজ হাজৰিকাৰ ‘ব্ৰেক’ নামৰ চুটি ছবি দুখনে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে । পুৰস্কাৰ লাভ কৰা ছবিসমূহৰ লগতে বিভিন্ন শিতানৰ বঁটাসমূহ প্ৰদান কৰে ক্ৰমে অৰূপ মান্না, শিৱানন্দ কাকতি আৰু জিতেন বৰকটকীয়ে। উত্তৰ-পূব ভাৰত চুটি ছবি প্ৰতিযোগিতাখনৰ উদ্যোক্তা মুনজ্যোতি নাথে বিশিষ্ট অতিথিসকলক আদৰণি জনায়। অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক অজিত কুমাৰ শইকীয়া, বি এম এন্টাৰটেইনমেন্টৰ স্বত্বাধিকৰী ভাস্বতী নাথৰ লগতে নিশা হাজৰিকা, মনোজ বৰদলৈ আদিকে ধৰি ভালেসংখ্যক বাক্তি উপস্থিত থাকে ।













