![]()
ছাইদুল ইছলাম
ডিফু : তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক স্থিতিৰ বুজ ল’বলৈ আজি কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত উপস্থিত হৈছে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সমাগত হোৱাৰ লগে লগে শাসক-বিৰোধী সকলো সৰু-বৰ ৰাজনৈতিক দলেই সাংগঠনিক তৎপৰতা আৰম্ভ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে ৷ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ়্যৰ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ সদস্যসকলক লগতলৈ ডিফুত উপায়ুক্তসকলৰ সন্মিলন সম্পন্ন কৰি গুছি যোৱাৰ পিছতে কাৰবি আংলং জিলাত কংগ্ৰেছৰ সাংগঠনিক স্থিতিৰ বুজ ল’বলৈ মঙলবাৰে ডিফুত উপস্থিত হৈছে বৰপেটাৰ সাংসদ আব্দুল খালেক ৷
সাংসদগৰাকীয়ে তিনিদিনীয়া কাৰ্যসূচীলৈ তিনি পাৰ্বত্য জিলা ক্ৰমে, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও ভ্ৰমণ কৰাৰ পিছত আজি ডিফুস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দলৰ যুটীয়া কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে৷ সাংবাদিক মাধ্যমক সম্বোধি বৰপেটাৰ সাংসদ আব্দুল খালেকে কয় যে, সমাগত কাৰবি আংলং স্বায়ত্তপৰিদৰ নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হৈ পৰিষদ দখল কৰিব বুলি কয় ৷
আনহাতে কাৰবি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অবাধ দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ কৰি এনে দুৰ্নীতিৰ বাবে ৰাইজ অতীষ্ট হৈ পৰিছে বুলি কয় ৷ ৰাইজে ইয়াৰ অৱসান বিচাৰিছে বুলি কৈ শাসকীয় বিজেপি দলৰ কেইবাগৰাকী ইএম, এমএচিয়ে কংগ্ৰেছত যোগদানৰ বাবে যোগাযোগ কৰিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ এইসকল নেতাই এতিয়াই কংগ্ৰেছত যোগদান নকৰিলেও নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলত যোগদান কৰাৰ সম্ভাৱনা আছে ৷ একাংশ কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ ওপৰত সাংসদ আব্দুল খালেকে কয় যে সেইসকল সুবিধাবাদী, তেওঁলোকৰ পৰা দলৰ কোনো ক্ষতি নহয় ৷ দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰসংগ টানি আনি সাংসদগৰাকীয়ে কয় যে, দিল্লী নিৰ্বাচনৰ পূৰ্বে বহু “আপ” নেতা বিজেপিত যোগদান কৰিছিল তাৰে একাংশ ব্লেকমেইলিঙৰ বলিহৈ বিজেপিলৈ গৈছিল যদিও অৱশেষত বিজেপি ধুলিস্যাৎহৈ “আপ” দিল্লীৰ ক্ষমতালৈ আহিছিল ৷
আজিৰ সভাত কংগ্ৰেছ নেতা মানস বৰা, প্ৰাক্তন বিধায়ক শশীকান্ত দাস, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গোলাপ শইকীয়া, প্ৰফুল্ল বড়ো, ডাঃ মংবে ৰংপি, কাৰবি আংলং জিলা কংগ্ৰেছৰ সভাপতি খৰছিং ইংতি আৰু কাৰ্যকৰী সভাপতি অশোক টেৰণ উপস্থিত থাকে ৷












