![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : অসম-মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলত পুনৰ উত্তেজনা। প্ৰায় তিনি শতাধিক খাচী লোকে উমলাফেৰ অঞ্চলত চলাইছে তাণ্ডৱ। ৩০/৪০খন দীঘলীয়া গাড়ী শাৰীৰে প্ৰৱেশ কৰিছে মেঘালয়ৰ খাচী লোকে৷ খাচী লোকৰ প্ৰৱেশক লৈ সীমান্তবাসী ভুগিছে নিৰাপত্তা হীনতাত। খাচী লোকক প্ৰৱেশত বাধা প্ৰদান কৰিছে অসমৰ লোকে৷
যিকোনো মুহূৰ্তত অধিক উত্তপ্ত হৈ পৰিব পাৰে। উমলাফেৰ স্থাপন কৰা পহৰা চকী নিয়োজিত আৰক্ষীসকলে বয়বস্তু গাড়ীত উঠাই পহৰা চকী ত্যাগ কৰাৰ পিছতেই পুনৰ প্ৰবেশ খাচী লোকৰ৷ পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ এটা দল ৰাওনা হৈছে উমলাফেৰলৈ।












