![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
নিশা হোজাইৰ হাবাইপুৰ ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’ল লাইনৰ দাঁতিত পৰিতক্ত অৱস্হাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ । যুৱকজনৰ নাম ৰবীন্দ্ৰ শইকীয়া। ৰবীন্দ্ৰ লংকা আঞ্চলিক বন বিভাগৰ অধীনত অস্থায়ীভাবে বন বিভাগত কৰ্মৰত কৰ্মচাৰী বুলি জানিব পৰা গৈছে।
উল্লেখ যে, লামডিং হস্তী প্ৰকল্প ঘোষিত সংৰক্ষিত বনাঞ্চলৰ মাজেদি যোৱা ৰে’লপথ এলেকাত নিশা বন কৰ্মীৰ লগত কৰ্তব্যত নিয়োজিত হৈ থাকে ৰবীন্দ্ৰ।
যোৱা নিশাও ৰে’ল পথত পহৰাদাৰীত নিয়োজিত হৈ আছিল ৰবীন্দ্ৰ। কৰ্তব্যত নিয়োজিত হৈ থাকোতেই ৰে’লৰ খুন্দাত ৰবীন্দ্ৰৰ মৃত্যু হোৱা সন্দেহ স্হানীয় লোকৰ।
পিছত নিশাই ঘটনাস্থলীত লংকা ৰে’ল আৰক্ষী, স্হানীয় আৰক্ষী উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।












