![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ ৭নং পূৱ উদালীত আতংকময় পৰিস্থিতি। গাঁৱৰেই এজন অসৎ মানসিকতাৰ ব্যক্তিৰ বাবে গাঁৱখনত ওলোৱা-সোমোৱা কৰিব নোৱাৰা হৈছে স্হানীয় মহিলাসকলে। উল্লেখ যে, গাঁৱখনৰ অধিকাংশ মহিলাৰ স্বামী কৰ্মসংস্হাপনৰ বাবে বহি:ৰাজ্যত থাকে, তাৰে সুযোগ গ্ৰহণ কৰি ৭নং পূৱ উদালী গাঁৱৰ বিবাহিত পুৰুষ আৰু তিনি সন্তানৰ পিতৃ আশ্বাদুল ইছলামে নিশা গাঁৱৰ অকলশৰীয়াকৈ থকা মহিলা সকলৰ ঘৰত সোমাই যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ গাঁৱৰ একাংশ মহিলাৰ। যোৱা কিছু দিনৰ পূৰ্বে লম্পট আশ্বাদুল ইছলামে এঘৰত সোমাই, এগৰাকী মহিলাৰ ওপৰত ধৰ্ষণৰ অপচেষ্টা চলাই যদিও, মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত আশ্বাদুল পলাই যায়।
ইতিমধ্যে, উক্ত ঘটনা সন্দৰ্ভত লংকা আৰক্ষী থানাৰ অন্তৰ্গত উদালী আৰক্ষী থানাত ভোক্তভোগী মহিলাগৰাকীয়ে এজেহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যবস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে। লগতে উক্ত ঘটনা সন্দৰ্ভত গাঁৱৰেই এজন মুৰব্বী ৰুস্তমে গাঁৱৰে চাৰিজন মান লোকক লগত লৈ ঘটনা সন্দৰ্ভত মীমাংসা কৰিব বিচাৰিছিল যদিও, গাঁৱখনৰ অধিকাংশ লোকে মীমাংসা কৰিব নিবিচাৰি, ন্যায় বিচাৰাত পৰিয়াল কেইটাক মজজিদলৈ যোৱাৰ ক্ষেত্রত বাধা প্ৰদান কৰিছে বুলিও এক অভিযোগ উত্থাপন হৈছে। উপায়ুন্তৰ হৈ বৰ্তমান গাঁৱখনৰ মহিলাসকলে সংবাদমাধ্যমৰ জৰিয়তে উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰু ন্যায়ৰ বাবে উচ্চ পদস্ত আৰক্ষী বিষয়াৰ হস্তক্ষেপ কামনা কৰিছে।












