![]()
অজন্তা তালুকদাৰ
বোকাখাত : শিক্ষাৰ সমান্তৰালকৈ ক্ৰীড়া, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত বোকাখাতৰ সমাজ জীৱনলৈ অৱদান আগবঢ়াই যোৱা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহযোগী অধ্যাপক সুবোধ বৰা এগৰাকী বিশিষ্ট ক্ৰীড়া বিষয়ক লেখক হোৱাৰ লগতে ৰাজ্যখনৰে এগৰাকী বিশিষ্ট ক্ৰীড়া সংগঠক। বিশেষকৈ নৱ প্ৰজন্মৰ শাৰিৰীক, মানসিক বিকাশৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বহুলভাৱে চৰ্চিত অধ্যাপক বৰাৰ নাম। অধ্যাপকগৰাকীৰ নেতৃত্বতে বৰ্তমান বোকাখাত নামদৈয়াং স্পৰ্টচ ক্লাছৰ উদ্যোগত আৰু বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ কেৰিয়াৰ কাউনচেলিং চেলৰ সহযোগত জে ডি এচ জি মহাবিদ্যালয়ৰ খেলপথাৰত চলাই নিয়া হৈছে এক বিশেষ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী। বৰ্তমান নামদৈয়াং স্পৰ্টচ ক্লাৱৰ সভাপতি তথা এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সঞ্চালনাৰ মূল দায়িত্বত আছে অধ্যাপক সুবোধ বৰা।
বৰ্তমান মহাবিদ্যালয়খনৰ খেলপথাৰত প্ৰায় ১০০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সামৰিক বাহিনীত কৰ্মৰত সেনা জোৱান আৰু অসম পুলিচত কৰ্মৰত যুৱকৰ সহযোগত শাৰীৰিক সক্ষমতা, ব্যক্তিত্ব বিকাশ, মটিভেচন, আত্মবিশ্বাস বৃদ্ধি, সামূহিক কাৰ্যকলাপ আৰু লিখিত পৰীক্ষাৰ বিষয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰশিক্ষণ লৈ আছে। মূলতঃ অসম আৰক্ষী, অৰ্দ্ধ সামৰিক আৰু সামৰিক বাহিনীৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ ভৰ্তি হ’বৰ বাবে উদ্যোক্তাই এই প্ৰচেষ্টা চলাই আহিছে। এই সেৱামূলক কাৰ্যসূচী বিগত প্ৰায় ৩০টা বছৰে অধ্যাপক বৰাৰ নেতৃত্বত চলি আহিছে।

বিগত প্ৰায় ২৫ বছৰ অধ্যাপক বৰাই একক প্ৰচেষ্টাৰে চলাই অহাৰ পাছৰ পৰ্যায়ত এই সেৱামূলক কাৰ্যত প্ৰত্যক্ষভাৱে বোকাখাত নামদৈয়াং স্পৰ্টচ ক্লাৱে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে মহাবিদ্যালয়খনেও সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে অধ্যাপক বৰাই বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ আৰম্ভ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰত পৰবৰ্তী পৰ্যায়ত কাষৰীয়া স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ বোকাখাত অঞ্চলৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ লয়হি। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণৰ হোৱাৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হোৱা প্ৰশিক্ষাৰ্থীয়েও অংশ লৈছে প্ৰশিক্ষণত ৷
উল্লেখযোগ্য যে বিগত প্ৰায় ৩০টা বৰ্ষত কেন্দ্রটোৰ যোগে বিনামূলীয়া প্ৰশিক্ষণ লৈ শতাধিক প্ৰশিক্ষাৰ্থীয়ে সেনাবাহিনীত সংস্থাপন পোৱাৰ লগতে অৰ্ধসামৰিক বাহিনী, অসম আৰক্ষী আদিতো কৰ্ম সংস্থাপন লাভ কৰিছে। বৰ্তমান সুবোধ বৰাৰ লগতে ড° জয়ন্ত দাস, চিৰঞ্জিত দাহাল, বিদ্যুৎ বৰুৱা, নগেন নায়ক, সত্যেন গগৈয়ে সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ দি আছে৷













