ষ্টাফ ৰিপ’ৰ্টাৰ
অসম আৰু মিজোৰাম চৰকাৰে সীমা সংঘাতৰ সমাধান সূত্ৰ বিচাৰি থকাৰ সময়তে সীমান্তত বাস কৰা দুয়ো ৰাজ্যৰ নাগৰিকসকলে নিজৰ মাজতে এই সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে৷ যাক এক ইতিবাচক পদক্ষেপ বুলিব পাৰি৷ ইতিমধ্যে এই সন্দৰ্ভত মিজো সংগঠকসকলে মুখ্যমন্ত্ৰী জোৰাম থাংগাক অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপত সন্তুষ্টি ব্যক্ত কৰিছে৷ অৱশ্যে অসমৰ ফালৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলি জানিব পৰা গৈছে৷
উল্লেখ্য, আজিৰ পৰা এমাহ আগতে অসম-মিজোৰাম সীমান্ত সংঘাতত ৬জনকৈ অসম আৰক্ষীৰ জোৱানে জীৱন বিসৰ্জন কৰিবলগা হৈছিল৷ অৱশ্যে উক্ত ঘটনাৰ পিছত তেনে ধৰণৰ কোনো ডাঙৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হোৱা নাই যদিও অঞ্চলটোত এতিয়াও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে৷
তেনে পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ কিছু সচেতন লোকে তেওঁলোকৰ মাজতে উক্ত সমস্যা সমাধানৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে৷ তাহানিৰ দিনৰ পৰা চলি অহাৰ দৰেই তেওঁলোকে বৰ্তমানো জীৱন নিৰ্বাহ প্ৰক্ৰিয়া চলাই নিয়াৰ পোষকতা কৰিছে৷
বৈৰেংটি সংযুক্ত গাঁও কাউঞ্চিল নামৰ মিজোৰামৰ এটা সংগঠনৰ এটা সঁজাতী দলে এই উদ্দেশ্যে কাচাৰ জিলাৰ লাইলাপুৰ অঞ্চল পৰিদৰ্শন কৰে আৰু অসমীয়া লোকসকলৰ সৈতে মত বিনিময় কৰে৷
উক্ত দলটোক নেতৃত্ব প্ৰদান কৰে লালফাংকিমাই৷ দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী লোকসকলে নিজৰ প্ৰয়োজনত ইপাৰ-সিপাৰ কৰিবৰ বাবে সন্মতি প্ৰদান কৰে৷ আনহাতে, প্ৰয়োজনত দুয়ো ৰাজ্যৰ লোকসকল ইজনে সিজনৰ ওচৰত থিয় দিব বুলিও একমত প্ৰকাশ কৰে৷ লগতে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ’লে তাক সমাধানৰ বাবে এখন কমিটিও গঠন কৰা হয় আৰু প্ৰয়োজনত যোগাযোগৰ বাবে ফোন নম্বৰ আদান-প্ৰদান কৰে৷
উল্লেখ্য, মিজো দলটোৱে অতি শীঘ্ৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ওপৰতো জোৰ দিয়ে৷