![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ঘটনাটো সংঘটিত হোৱা সময়ত শেষত দুবাৰ মাত্ৰ মাতৃক “মা” বুলি সম্বোধিছিল, তাৰ পিছত জীয়ৰীৰ কোনো শব্দকেই শুনিবলৈ পোৱা নাছিল পিতৃ-মাতৃয়ে। ধৈৰ্য্যসহ দোষীৰ উচিত শাস্তিৰ কামনা কৰিছে এতিয়া ৰাজ্যজুৰি জোকাৰি যোৱা ছাত্ৰী নন্দিতা শইকীয়াৰ মাতৃয়ে। ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰত্যেকেই বৰ্তমান অভিযুক্ত ৰিণ্টুৰ শাস্তিৰ দাবী জনাইছে, আনকি ঢকুৱাখানা আৰু ধেমাজিত নন্দিতাৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীৰে ৰাজপথলৈ ওলাই আহিছে বহু লোক।
মেধাসম্পন্ন ছাত্ৰীগৰাকীৰ মৃত্যু কোনো কাৰণতে মানি লোৱা নাই ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। বহু কষ্টৰ মাজত পৰিয়ালটোৱে নন্দিতাৰ সপোন পুৰণৰ স্বাৰ্থত অহোপুৰুষাৰ্থ কৰিছিল কিন্তু সন্তানৰ অকাল মৃত্যুৱে বৰ্তমান মৰ্মাহত কৰিছে অভিভাৱকক।













