![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দিছপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ। বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন নামেৰে নামাকৰণ বিভাগটোক। কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত নামাকৰণ কৰা হৈছে বিভাগতো।
বিটিচি বান পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্ৰী যোগেন মহন, ইউ.জি ব্ৰহ্মক নির্দেশ মুখ্যমন্ত্ৰীৰ।
লোকনিৰ্মাণ বিভাগত ব্যাপক পৰিৱৰ্তন। নতুনকৈ ৮টা চাৰ্কুল কাৰ্যালয় সৃষ্টি কৰে কেবিনেটে। বৰ্তমানে কাৰ্যালয় আছিল ৫টা।
একেদৰে মাণ্ডলিক কাৰ্যালয়ো ২০টা নতুনকৈ সৃষ্টি কৰাত কেবিনেটে অনুমোদন জনাই। বৰ্তমান ১৭টা লোকনিৰ্মাণ বিভাগ মাণ্ডলীক কাৰ্যালয় আছে।
লোকনিৰ্মাণ বিভাগৰ গৃহনিৰ্মাণৰ মহকুমাৰ কাৰ্যালয় ৪৯টা সৈতে ২৮টা নতুনকৈ সৃষ্টি কৰা সিদ্ধান্ত লয় কেবিনেটে।
আনহাতে, নন্দিতা শইকীয়াৰ হত্যা তদন্তৰ দায়িত্ব অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙক অৰ্পণ লগতে বিচাৰ ফাষ্টট্ৰেক আদালতত কৰা সিদ্ধান্ত।
ইফালে পহিলা ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব শিক্ষানুষ্ঠান।
উল্লেখ যে কেবিনেটৰ সিদ্ধান্তসমূহ মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাস আৰু ৰনোজ পেগুৱে ঘোষণা কৰে।













