![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কাৰ্বিআংলং : অসমৰ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ পৰিস্থিতি বৰ্তমান শান্তিপূৰ্ণ যদিও সমগ্ৰ অঞ্চলজুৰি বিৰাজ কৰিছে এক চেপা উত্তেজনাই।
উমলাফেৰত পুনৰ যাতে মেঘালয়ে আগ্ৰাসন চলাব নোৱাৰে তাৰ বাবে পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে মেঘালয় সীমান্তৰ পৰা উমলাফেৰ অভিমুখী সকলো পথত বেৰিকেড স্থাপন কৰি সকলো যানবাহনৰ তালাচী চলাই প্ৰৱেশ কৰিব দিছে উমলাফেৰলৈ।
ইতিমধ্যে আজি উমলাফেৰত আহি উপস্থিত হৈছেহি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ স্থানীয় পৰিষদীয় সদস্য প্ৰদীপ ৰংপী।
উমলাফেৰত স্থাপন কৰা আৰক্ষী শিবিৰ পৰিদৰ্শন কৰাৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত বৰ্তমান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয়।












