![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
আজি লংকা চহৰৰ মাজমজিয়াত অৱস্থিত গুৰুদ্বাৰত উপস্থিত হয় অসম বিধানসভাৰ উপাধ্যক্ষ ডা: নোমল মমিন। সদৌ অসম অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙৰ সহিতে উপস্থিত হোৱা উপাধ্যক্ষগৰাকীক লংকা গুৰদ্বাৰ সমিতিৰ বিষয়ববীয়াসকলে পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনায়। ইপিনে, জীৱনত প্ৰথমবাৰৰ বাবে গুৰদ্বাৰত প্ৰৱেশ কৰি আৰ্শীবাদ লৈ মনতো বহুত পৱিত্ৰ অনুভৱ কৰা বুলি কয় বোকাজানৰ বিধায়ক তথা উপাধ্যক্ষ ডা:মমিনে।
আনহাতে, বৰ্তমান অসম বিধানসভাৰ কাৰ্যাৱলী পূৰ্বৰ তুলনাতকৈ বহুখিনি শান্তিপূৰ্ণ চলা বুলি মন্তব্য কৰে ডা: মমিনে। তেওঁ উল্লেখ কৰে যে অসম বিধানসভাত জোতা দলিওৱা, মাৰপিত কৰাৰ উদাহৰণ আছে। লগতে অখিল গগৈ প্ৰসংগত সাংবাদিকে শোধা এক প্ৰশ্নৰ উত্তৰত মন্তব্য দিলে এজনীয়া দলৰ লোকজনৰহে টিআৰপি বাঢ়িব বুলি কৈ মন্তব্যৰ পৰা বিৰত থাকে ডা: মমিন।












