ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সীমা সমস্যাকলৈ চৰকাৰৰ “দিয়া-লোৱা” নীতি মানি লোৱা নহ’ব : কেএছৱাইচি, কেএফএ আৰু কেএছইউ

News Desk by News Desk
August 26, 2021
Reading Time: 1 min read
A A
0

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

ষ্টাফ ৰিপ’ৰ্টাৰ

ডিফু : পশ্চিম কাৰবি আংলং জিলা সংলগ্ন অসম-মেঘালয় সীমা সমস্যাকলৈ ক্ৰমাৎ সৰৱহৈ পৰিছে জিলাখনৰ ইটোৰ পিছত সিটো সামাজিক আৰু ছাত্ৰ সংগঠন৷ আজি ডিফুস্থিত কাৰবি ষ্টুডেণ্টছ এণ্ড য়ুথ কাউঞ্চিলৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে কেএছৱাইচি, কেএফএ আৰু কেএছইউয়ে যুটীয়া সংবাদ মেলৰ আয়োজন কৰি অসম-মেঘালয় সীমান্তত উদ্ভৱ হোৱা উত্তেজনাময় পৰিস্থিতিৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

অলপতে মেঘালয়ৰ শ্বিলঙত অসমৰ মুখ্যমন্ত্ৰীৰে শ্বিলঙৰ মুখ্যমন্ত্ৰীৰে সৈতে হোৱা “দিয়া-লোৱা” আলোচনাৰ পোষকতা কৰাৰ পিছৰ পৰাই সীমান্তত এনে উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি অভিযোগ কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ সীমান্তঞ্চলত দীৰ্ঘদিনৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে একেলগে বসবাস কৰি আহিছিল যদিও “দিয়া-লোৱা” নীতিৰ অৱতাৰণা হোৱাৰ লগে লগে সীমান্তত মেঘালয় আৰক্ষী আৰু মেঘালয়ৰ ৰাইজে বেদখল আৰম্ভ কৰি দিছে বুলি মন্তব্য কৰে ৷ সম্প্ৰতি সীমান্তবাসী ৰাইজে চৰম নিৰাপত্তা হীনতাত ভুগি থকাৰ সময়তে এইক্ষেত্ৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমিকাক কঠোৰ ভাষাত সমালোচনা কৰে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ নেতৃবৰ্গই সীমাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰাতো দূৰৈৰ কথা সীমান্তঞ্চলত গৈ সীমান্তবাসীক নিৰাপত্তা প্ৰদান কৰাৰ পৰিৱৰ্তে ছ’চিয়েল মেডিয়াত “বাৰ্থডে” উদযাপনৰ ফটো, ভিডিঅ’ আপলুড কৰাত দুখ প্ৰকাশ কৰে সংগঠন কেইটাই ৷ ৰাজনৈতিক নেতৃবৰ্গই নিজকে নিৰাপদ স্থানত অৱস্থান নকৰি সীমান্তত গৈ পৰিস্থিৰ বুজ লোৱাৰ লগতে উভয় পক্ষৰ মাজত গঠনমুলক আলোচনাৰে সমস্যা সমাধানৰ আহ্বান জনায় ৷ অসমৰ ৰাইজে সীমান্তত মেঘালয়ৰ ভূমি বেখল কৰিবলৈ যোৱা নাই, মেঘালয়েহে অসমৰ ভূমি বেদখল কৰিছে বুলি মন্তব্য কৰে ৷ সীমান্তত অধিক আৰক্ষী নিয়োগ কৰি সীমান্ত সুৰক্ষিত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷

আনহাতে ডিলাই থানাৰ অন্তৰ্গত দিছাপুৰতো নগাই বেদখল অব্যাহত ৰাখিছে বুলি অভিযোগ কৰে সংগঠনসমূহে ৷ কাৰবি আংলঙৰ মাটি কোনো কাৰণতে আন ৰাজ্যক গটাই দিয়া মানি লোৱা নহব বুলি সকিয়াই দিয়ে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ বেদখলকাৰীৰ বিৰুদ্ধে পশ্চিম কাৰবি আংলং আৰক্ষীৰ দৃঢ় স্থিতিক প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জনায় সংগঠন কেইটাৰ নেতৃবৰ্গই ৷ ১৯৫১ চনৰ চৰকাৰৰ সীমা নিৰ্দ্ধাৰণ কৰি দিয়া ধৰণেই সীমাৰ অৱস্থান থাকিব লাগিব বুলি দাবী জনায় সংগঠনসমূহে ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx