![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
ডিমা হাচাওৰ দৈয়াংমুখত সংঘটিত ট্ৰাকত অগ্নিসংযোগ আৰু গুলীচালনা DNLAৰ। নিশা গুলিবিদ্ধ অৱস্থাৰে ঘটনাস্থলীৰ পৰা পলায়ণ কৰি প্ৰাণৰক্ষা এজন ট্ৰাকচালকসহ হেণ্ডিমেন চিকিৎসাৰ বাবে উপস্থিত হয়হি লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত।
ভৰিত গুলিৰ আঘাত লৈ উপস্থিত হোৱা ট্ৰাকচালকজনৰ নাম ফাৰুক আহমেদ বুলি জানিব পৰা গৈছে।
ইপিনে, পলায়ণৰ সময়ত শৰীৰৰ কে’বাঠাইতো আঘাতপ্ৰাপ্ত হেণ্ডিমেনজনৰ নাম জানিব পৰা হোৱা নাই।
নিশা একমান বজাত সংকটজনক অৱস্থাত উপস্থিত হোৱা দুয়োজনকে লংকা চিকিৎসা কেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
এই কথা প্ৰকাশ কৰিছে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত নিশা কৰ্মৰত এগৰাকী নাৰ্চে।
আনহাতে, উক্ত ঘটনাত নিহত এজন ট্ৰাকচালকক লংকা পূৱ ডাৱলংৰ চিকন্দৰ আলী (৩৩)বুলি জানিব পৰা গৈছে।
মৃত চিকন্দৰৰ ককায়েকে সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি বৰ্ণনা কৰিছে কিদৰে পৰি ৰৈছিল নিজৰ ভায়েকৰ মৃতদেহ।
পত্নীসহ চাৰিটা সন্তান আৰু মাতৃ-ভগ্নীক এৰি যোৱা চিকন্দৰে চলোৱা ট্ৰাকখনৰগৰাকী আছিল লংকাৰ শীলবস্তিৰ ৰঞ্জিত শীল।












