![]()
ছাইদুল ইছলাম
ডিফু : ডিমা হাচাও জিলাত যোৱা ২৬ আগষ্টত ৫ জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত আজি সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে এখনি জৰুৰী সভাত মিলিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷
ফেডাৰেশ্যনৰ সভাপতি কৃষ্ণ বৰা আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে এক প্ৰেছ বিবৃতিত কয়যে, আজিৰ সভাই বহু কেইটা সিদ্ধান্ত গ্ৰহণ কৰে ৷ মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ লগতে আজিৰ সভাত নগাওঁ জিলা চালক সন্থা, কাৰবি আংলং মটৰ ট্ৰান্সপৰ্ট ৱৰ্কাৰচ এণ্ড ড্ৰাইভীৰ ইউনিয়ন ডিমা হাচাও ড্ৰাইভাৰ ইউনিয়নে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ চৰকাৰৰ ওচৰত সংগঠন কেইটাই ৰাজ্যৰ পৰা উগ্ৰপন্থা নিৰ্মুল কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷
ইয়াৰোপৰি ঘটনাত নিহতসকললৈ ১৫ লাখকৈ টকাৰ ক্ষতিপুৰণ দিয়াৰ লগতে আহতসকলক ৩ লাখকৈ টকা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷
আনহাতে এই নৃশংহ ঘটনাৰ প্ৰতিবাদত সদৌ মটৰ শ্ৰমিকৰ যুটীয়া সংগঠনে ৩১ আগষ্টত পুৱা ৫ বজাৰ পৰা ১ ছেপ্তেম্বৰ পুৱা ৫ বজালৈ ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে বুলি বিবৃতিটোত প্ৰকাশ ৷













