![]()
স্বাস্থ্য প্ৰতিবেদন:
মহিলাসকলৰ শৰীৰৰ গঠন পুৰুষতকৈ কিছু জটিল। তেনে ক্ষেত্রত কেইবিধমান খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। যাৰ দ্বাৰা কর্মক্ষমতা বাঢ়ে, অসুস্থতাৰ আশঙ্কাও কিছু নিয়ন্ত্রণত ৰখাটো সম্ভৱ হয়।
কোন তিনিবিধ খাদ্য মহিলাসকলে খাব লাগে?
১) পালেং শাক :
পালেং শাকৰ দৰে খাদ্য খুব কমেই আছে। ই হ’ল পুষ্টিগুণেৰে ভৰপূৰ। নিয়মিত পালেং শাক খালে শৰীৰত ভিটামিন আৰু মেগনেচিয়ামৰ অভাৱ নহয়। তাৰ ফলত ৰক্তৰ শর্কৰাৰ মাত্রা যেনেদৰে নিয়ন্ত্রণত থাকিব, তেনেদৰে পিৰিয়ডৰ সমস্যাও কমিব।
২)বিলাহী :
বিলাহীৰ গুণ সম্পর্কে যথেষ্ট সচেতনতা আমাৰ নাই। এই খাদ্যত লাইপোচিন থাকে। যিটো স্তন কেন্সাৰ দূৰৈত ৰখাৰ বাবে কার্যকৰী। হার্টৰ অসুখো কম হয় বিলাহী খালে।
৩) ওটছ :
ই খাদ্য হজম প্রক্রিয়া স্বাভাৱিক ৰাখে। হার্টৰ সমস্যা আৰু ৰক্তচাপো নিয়ন্ত্রণত ৰাখে। তাৰ উপৰি আৰু এটি গুৰুত্বপূর্ণ কাম কৰে এই খাদ্যই। সেয়া হ’ল পিৰিয়ডৰ পৰা মনত বিভিন্ন ধৰণৰ চাপ পৰে। তাক নিয়ন্ত্রণত ৰখাত সহায় কৰে এই খাদ্যই।













