![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
শনিবাৰে নিশা ডিমাকুছিৰ বৰঙ্গাজুলি চাহ বাগিছাৰ মাজত আৱদ্ধ হৈ পৰি আছিল এটি কণমানি হাতী পোৱালি ।আজি ৰাতিপুৱা বাগিছাত ঘাঁহ কাটিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰি ৰাইজৰ লগতে বন বিভাগক অৱগত কৰে ।
লগে লগেই স্থানীয় কেইজনমান প্ৰকৃতি তথা বন্য প্ৰেমি যুৱকে বাগিছাত উপস্থিত হৈ হাতী ৰ পোৱালিতো উদ্ধাৰৰ বাবে অশেষ চেষ্টা অব্যাহত ৰাখিছিল । বহু সময়ৰ পিছত অতি দুখ কষ্টৰ মাজেৰে স্থানীয় যুৱক কেইজনে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও কিন্তু দুখৰ খৱৰ যে কিছু সময় পিছতে হাতীৰ পোৱালি টোৱে কৰুণ মৃত্যুক আকোঁৱালি লয় ।
ইপিনে নিশাৰে পৰাই চাহ বাগিচাৰ নলাত আৱদ্ধ হৈ থাকি উৎকৎ চিঞৰি কান্দোনৰ ৰোল তুলি থকা পোৱালিতো ৰাতিপুৱা ঘাঁহ কাটিবলৈ যোৱা ব্যক্তিয়ে প্ৰত্যেক্ষ কৰি ৰাইজৰ লগতে বন বিভাগক অৱগত কৰায় যদিও কিন্তু সময়মতে বন বিভাগ উপস্থিত নোহোৱাত ,ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ।
স্থানীয় ৰাইজ আৰু বন বিভাগৰ মাজত তৰ্কযুদ্ধতো লিপ্ত হয়।ৰাতিপুৱাই বন বিভাগক খৱৰ জনোৱাৰ পিছতো বহু দেৰিকৈ ঘটনাস্থলিত বন বিভাগ উপস্থিত হোৱাৰ ফলতেই হাতী পোৱালিটোৱে কৰুণ মৃত্যুক আকোঁৱালি লয়। আনকি ৰাতিৰে পৰা নলাত পৰি থকা হাতী পোৱালিটোৰ বাবে কোনো ধৰণৰ খাদ্য সামগ্ৰী আনা নাছিল বন বিভাগৰ লোকে ।
বহু কষ্ট ভুগি থকা হাতী পোৱালিটো উদ্ধাৰত সম্পূৰ্ণ গাফিলতি দেখা যায় স্থানীয় বৰনদী অভয়াৰণ্যৰ বনকৰ্মী আৰু বন বিষয়াৰ । নিশাৰে পৰাই ৰাইজে বন বিভাগক ফোন কৰা পিছতো কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল ।অৱশেষত মৰণোত্তৰ পৰীক্ষা কৰিবলৈ বৰনদী অভয়াৰণ্যলৈ লৈ যায় মৃত হাতী পোৱালিতো ।













