![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি মাৰ্ঘেৰিটাৰ টিপং লালপাহাৰত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপং লালাপাহাৰ জুবলী বাগানত দেওবাৰে এক মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনা।
হত্যাকাৰীয়ে হত্যা কৰি মৃতদেহ বাগানৰ মাজত পেলাই থোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে নগাঁৱৰ ৰিয়াজুদ্দিন নামৰ মৃত লোকজন লিডুৰ বাবু খানৰ লোহা ডেম্পত কৰ্মৰত এজন কাবাৰীৱালা আছিল। এটা অচিনাক্ত ফোন নম্বৰৰ পৰা শনিবাৰে ৰিয়াজুদ্দিনক ভঙা লোহা, টিং বিক্ৰী কৰিব আছে বুলি কৈ ফোন আহিছিল আৰু সেই মৰ্মে তেওঁ মালিকৰ পৰা টকা লৈ বস্তুখিনি ক্ৰয় কৰিবৰ বাবে লালপাহাৰ গাঁৱত উপস্থিত হৈছিল।
সন্ধিয়া পৰ্যন্ত ৰিয়াজুদ্দিন ঘূৰি নোযোৱাত লালপাহাৰ গাঁৱৰ ৰাইজ আৰু ৰিয়াজুদ্দিনৰ সহকৰ্মী সকলে চাৰিওফালে বিচাৰ খোচাৰ কৰাত দেওবাৰে লালপাহাৰ গাঁৱৰ জুবলী বাগানৰ এটা নলাত ৰিয়াজুদ্দিনৰ মৃতদেহ উদ্ধাৰ কৰে। বৰ্তমান লেখাপানী আৰক্ষী আৰু মাৰ্ঘেৰিটা দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।
ৰিয়াজুদ্দিনক ডিঙি ৰেপি হত্যা কৰাৰ লগতে ভৰিও কাটি পেলাইছে হত্যাকাৰীয়ে। কোনো ড্ৰাগছ বা তেনে মাদক দ্ৰৱ্য আসক্তই এনে লুমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিলে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। হত্যাকাৰীৰ বিৰুদ্ধে লেখাপানী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













