![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও জিলাৰ শালনাৰ ৰেকাপাহাৰৰ পথৰ পৰা যোৱা ২১ তাৰিখে এখন গাড়ী হাইজেক কৰি নিয়া ডকাইতৰ দলটোৰ দুজন লোকক চামগুৰি আৰক্ষীয়ে আটক কৰাৰ লগতে ডকাইটি কাণ্ডত ব্যৱহাৰ কৰা গাড়ী খনো জব্দ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শালনা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ এটা আৰক্ষী দলে গাড়ী হাইজেক কৰা ডকাইতৰ দলটোক আটক কৰিবলৈ অভিযান চলাই ৷
উল্লেখ্য যে যোৱা ২১ তাৰিখে ডিজুভেলী কৰৈয়নী অঞ্চলৰ পৰা যোৰহাটত চাহপাত থৈ উভতি অহা এএছ ০২ চি চি ৬৩২৩ নম্বৰৰ পিকাপ ভানখন নিশা প্ৰায় ১-৩০ মান বজাত ৰেকাপাহাৰ পোৱাৰ অৱস্থাত এটা ডকাইতৰ দলে পথত বনৰীয়া হাতী উলাইছে বুলি কৈ গাড়ী খন ৰাখিবলৈ দিয়ে ৷
গাড়ী খন ৰখোৱাৰ পিছত ৬ জনিয়া ডকাইতৰ দলটোৱে গাড়ী খনত থকা ৪ জন লোকক হাত ভৰি বান্ধি মাৰধৰ কৰাৰ লগতে উক্ত গাড়ী খন লৈ উধাও হৈছিল ৷ পৰৱৰ্তী সময়ত উক্ত ডকাইতি কাণ্ডৰ সন্দৰ্ভত গাড়ী খনৰ মালিকে আৰক্ষী থানাত এজাহাৰ দিছিল ৷
আৰক্ষীয়ে ৩৭৩/২০২১ ইউ/এছ ৩৯৫ আই পিচি নম্বৰত এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখি শনিবাৰে পুৱতি নিশা চামগুৰিৰ কাৱৈমাৰীৰ মজিবুৰ ৰহমান (২৭) আৰু টেকেলিপুটাৰ ইলিয়াছ খান (২৩) নামৰ দুজন দুধৰ্ষ ডকাইতক আটক কৰে ৷লগতে উক্ত ডকাইতি কাণ্ডত ব্যৱহাৰ কৰা তথা মজিবুৰৰ নামত পঞ্জীয়ন থকা এএছ ০১ এ ডব্লিউ ৯ ৫৪২ নম্বৰৰ চুইফ্ট গাড়ী খনো গুৱাহাটীৰ খানাপাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৷
কেলিডেন চাহ বাগিছাৰ চি চি টিভিৰ ফুটেজ আৰু মোবাইল ট্ৰেকৰ ভিত্তিত অভিযান চলাইছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে আৰক্ষীয়ে আটক কৰা দুধৰ্ষ ডকাইত দুজনক আজি কলিয়াবৰ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে পলাতক আন চাৰিজন ডকাইতক আটক কৰিবলৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
আনহাতে যোৱা ৩১ জুলাই তাৰিখে মিছা অঞ্চলৰ পৰা এখন মটৰ চাইকেল চুৰি কৰা অপৰাধত যোৱা কালি মিছা আৰক্ষী চকীৰ আৰক্ষীয়ে চামগুৰিৰ পুথিখাইটিৰ জেহিৰুল ইছলাম নামৰ যুৱক জনক আটক কৰে বুলি জানিব পৰা গৈছে ৷













