![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
পশ্চিম কৰ্বিআংলং : অসম-মেঘালয়ৰ সীমা বিবাদক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বিআংলঙৰ উমলাফেৰত কিছুদিন পূৰ্বে সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা। মেঘালয়ৰ একাংশ দল-সংগঠন আৰু আৰক্ষীয়ে বলপূৰ্বকভাবে প্ৰবেশ কৰিব বিচৰিছিল অসমৰ ভুমিত । ফলত অসম আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। সম্প্ৰতি অঞ্চলটো সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে যদিও অঞ্চলবাসীৰ মাজত এতিয়াও বিৰাজ কৰি আছে এক চেপা উত্তেজনা। সেয়ে, অসম আৰক্ষী, জনপ্ৰতিনিধি তথা ছাত্ৰ-সংগঠনসমূহে বিভিন্ন সভা-সমিতি আহ্বান কৰি অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্থানীয় বিধায়ক ৰূপছিং টেৰণ আৰু স্থানীয় এম.এ.চি. তথা ই.এম.প্ৰদীপ ৰংপিয়ে অঞ্চলটোৰ গাঁৱে-গাঁৱে প্ৰবেশ কৰি গাঁওবাসীৰ লগত ভাবৰ আদান-প্ৰদানৰ জড়িয়তে সজাগতাৰ সৃষ্টি কৰিছে।
আনহাতে পশ্চিম কাৰ্বিআংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন ডেউৰীয়ে এটা বৃহৎ আৰক্ষীৰ দল লৈ উমলাফেৰ বজাৰৰ মাজমজিয়াতে শিৱিৰ পাতি অঞ্চলটো সম্পূৰ্ণ নিৰিক্ষণত ৰাখিছে। উল্লেখ্য যে, অঞ্চলবাসীৰ স্থায়ী শান্তি-শৃংখলা তথা নিৰাপত্তাৰ বাবে অতিশীঘ্ৰে উমলাফেৰত এটা স্থায়ী উপ-আৰক্ষী চকী আৰু উলুকুঞ্চি উপ-আৰক্ষীচকীটোক থনা হিচাপে গঢ়ি তুলা হ’ব বুলি বিধায়ক ৰূপছিং টেৰনে জানিব দিয়ে।












