![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাজ্যত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থী হাৰ উদ্বেগজনকভাৱে বৃদ্ধি। দেশ ভিতৰত উদ্বেগজনকভাৱে ২০১৯-২০ বৰ্ষত অসমত নৱম শ্রেণীৰ পৰা দশম শ্রেণীলৈ বিদ্যালয় এৰা শিক্ষাৰ্থী হাৰ ৩২.৩ শতাংশ। উল্লেখ যে দেশত আছিল ১৬.১ শতাংশ। এই কথা সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰিলে ভাৰতীয় ছাত্ৰ ফেডাৰেচন অসম ৰাজ্যিক কমিটিয়ে। ছাত্ৰ সংগঠনটোৱে কয়- ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণী লৈ দেশত ২.৬ শতাংশ বিপৰীতে অসমত ৩.৪ শতাংশ। প্ৰাথমিক পৰ্যায়ত দেশত ১.৫ শতাংশ বিপৰীতে ৪.৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে অসমত বিদ্যালয় এৰা এৰিছে।
উল্লেখ ৰাজ্যখনৰ শৈক্ষিক দিশৰ ৫ দফীয়া দাবীৰে ২৮ আগষ্টত ছাত্ৰ সংগঠনটোৱে শিক্ষামন্ত্ৰী ৰনোজ পেগুক স্মাৰক-পত্ৰ দাখিল কৰে।
এছএফআইৰ ৰাজ্যিক কমিটিৰ ৫ জনীয়া দলে স্মাৰক-পত্ৰত কয়- বৰ্তমানৰ পৰিস্থিতিত অনলাইন শিক্ষা পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা। পাঠ্যক্ৰমত লিংগ সংবেদনশীলকৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰা আৰু শিক্ষানুষ্ঠানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে লিংগ সংবেদনশীলকৰণ কমিটি গঠন কৰাৰো দাবী জনায়।
শিক্ষানুষ্ঠানত শিক্ষকৰ নতুন পদ সৃষ্টি কৰা লগতে খালি পদসমূহ শীঘ্ৰে পূৰণৰ দাবী জনায়। ছাত্ৰ সংগঠনটো দাবীৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে প্ৰতিবছৰে ৰাজ্যত টেট পৰীক্ষা অনুষ্ঠিত কৰা লগতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত খালি হৈ থকা পদ শীঘ্ৰে পূৰণ কৰা উপৰিও নতুন পদ সৃষ্টি বাবে নতুন আইন প্ৰণয়ন কৰা আশ্বাস দিয়ে। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যুগে এই কথা প্ৰকাশ কৰে ছাত্ৰ সংগঠনটো সম্পাদক নিৰংকুশ নাথে।
ইয়াৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ড বিদ্যালয়ৰ মাচুল নিয়ন্ত্ৰণ উপৰিও চাহ-বাগিচা, চৰ অঞ্চল, জাতি- জনগোষ্ঠী প্ৰধান তথা সীমান্তৱৰ্তী অঞ্চলত শিক্ষা সম্প্ৰসাৰণ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰা কথা জানিবলৈ দিয়ে সম্পাদক নাথে।
ছাত্ৰ-ছাত্ৰী সুবিধা হোৱাকৈ উচ্চতৰ মাধ্যমিকৰ দৰে ষাণ্মাসিক পৰ্যায়ত কেন্দ্ৰীভূত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰা কথাও স্মাৰক-পত্ৰত উল্লেখ কৰে এছএফআই।
ইফালে, চলিত বৰ্ষত বছৰি ২ লাখ টকা উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰা ব্যৱস্থা বাহাল থাকিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিব দিয়ে ছাত্ৰ সংগঠনটোক। সংবাদমেলত উপস্থিত থাকে এছএফআই ৰাজ্যিক উপ-সভাপতি প্ৰতুল বৰ্মন।













