![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ চকীহোলাত উদ্ধাৰ হৈছে এগৰাকী উৰ্দ্ধ উলংগ অৱস্থাত এগৰাকী কিশোৰীৰ মৃতদেহ ৷ প্ৰাপ্ত খবৰ অনুসৰি চকীহোলা আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীৰাম গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ শনিবাৰে বিয়লি গাঁওখনৰ দুই কিশোৰীয়ে মাছ মাৰিবলৈ গৈ আকস্মিকভাৱে নিৰুদেশ হৈ পৰাত বিৰাজ কৰিছিল চাঞ্চল্যৰ ৷
নিৰুদ্দেশ হৈ থকা কিশোৰী দুগৰাকীৰ এগৰাকী দেওবাৰে আবেলি কৰা হৈছিল উদ্ধাৰ। উলংগ অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাত সৃষ্টি হৈছে ৰহস্যৰ। সন্দেহ কৰা হৈছে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ। মৃত কিশোৰীগৰাকীৰ মূৰত আঘাতৰ চিন দেখা গৈছে ৷ অন্যহাতে এতিয়াও নিৰুদেশ হৈ আছে আনগৰাকী কিশোৰী। ইফালে মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ কৰিছে প্ৰেৰণ।












