![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
এআইইউডিএফৰে মধুচণ্ডিকা অৱসান কংগ্ৰেছৰ। বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত মিত্ৰতাৰ পাশত আৱদ্ধ হোৱা আজমল বাহিনীৰে বিচ্ছেদ বিচাৰি দিল্লী হাইকামাণ্ডলৈ বিশেষ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ। সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ নীতি-নিৰ্ধাৰণ কমিটীৰ বৈঠকত লোৱা হয় মিত্ৰতা ভংগ প্ৰস্তাৱ।
“এআইইউডিএফৰ শেহতীয়া কাম-কাজে হতভম্ব কৰিছে কংগ্ৰেছক। বিজেপি দল আৰু মুখ্যমন্ত্ৰীক অনাহকত ব্যক্তিগত স্বাৰ্থত কৰা ৰাজহুৱা প্ৰশংসাই কংগ্ৰেছ দলৰ ভাৱমূৰ্তি জনমানসত ম্লান কৰিছে’- মিত্ৰতা ভংগ প্ৰস্তাৱত উল্লেখ কৰে কংগ্রেছে।
মহাজোঁট পৰা এআইইউডিএফক অব্যাহতি দিবলৈ নিখিল ভাৰত কংগ্ৰেছলৈ পত্ৰ প্ৰেৰণ কৰা কথা ৰাজহুৱা কৰে উপ-দলপতি ৰকিবুল হুছেইনে।
আনহাতে, মহাজোঁটৰ অন্যতম অংশীদাৰী দল বিপিএফকো মহাজোঁটত থকা নথকা সন্দৰ্ভত ৰাজহুৱা তথা লিখিতভাৱে স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।













