![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগৰ লুহিতা নায়কে অসমীয়া বিষয়ত লাভ কৰিছে সৰ্বোচ্চ নম্বৰ ৷
উল্লেখযোগ্যযে, যোৱা জুলাই মাহত অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ স্নাতকোত্তৰত অসমীয়া বিভাগৰ অনলাইন চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সৰ্বোচ্চ নম্বৰ লাভ কৰি কৃতীত্বৰগৰাকী হয় ৷ যোৱা ২৬ জুলাইত ঘোষণা কৰা ফলাফলত এই ঘটনা পোহৰলৈ আহে ৷ মুঠ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে উক্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে ৭৪ শতাংশ নম্বৰ লাভ কৰে লুহিতা নায়কে ৷ লুহিতা নায়কে গোলাঘাট জিলাৰ বোকাখাতৰ বৰচাপৰি চাহ বাগিছাৰ পৰা আহি অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া বিভাগত বিভাগীয় প্ৰধান কুসুম্বৰ বৰুৱাৰ তত্বাৱধনাত অধ্যয়ণ কৰিছিল ৷ আৰ্থিকভাবে দুৰ্বল লুহিতাৰ পিতৃয়ে লুহিতাক অৰ্থৰ অভাৱত উচ্চশিক্ষা গ্ৰহণ দিব পৰা নাছিল ।
যদিও বোকাখাতৰ দুগৰাকী বহলমনা ব্যক্তি ক্ৰমে, মহাবীৰ প্ৰসাদ আগৰৱালা আৰু নলো আচাৰ্ই আৰ্থিকভাৱে সাহায্য কৰাৰ লগতে লুহিতাৰ সফলতাৰ উচ্চ শিখৰ স্পৰ্শ কৰিবলৈ থকা অদম্য হেঁপাহৰ বাবেই এই কৃতীত্বৰ অধিকাৰী হ’বলৈ পাইছে সাংবাদিকৰে সৈতে বাৰ্তালাপত উল্লেখ কৰে লুহিতা নায়কে ৷ অদূৰ ভৱিষ্যতত লুহিতাই এগৰাকী সফল পিএইছডি ডিগ্ৰীথাৰী হোৱাৰ সপোন পুহি ৰাখিছে বুলি জানিব পৰা গৈছে ৷ লুহিতা নায়ক বোকাখাতৰ বৰচাপৰি চাহ বাগিচাৰ মানা নায়ক আৰু চুমিত্ৰা নায়কৰ কন্যা৷













