![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বানপানী কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উদ্যোনৰ প্ৰায় অধিকাংশ অঞ্চলত বৰ্তমান বানপানী কৱলত । ওখ ঠাই বিচাৰি উদ্যানখনৰ জীৱ-জন্তু ঢাপলি মেলিছে কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথলৈ।
জীৱ-জন্তুৰ সুৰক্ষা স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা জৰুৰী নিৰ্দেশ। উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্রীয় ঘাই পথত গধুৰ যান-বাহন চলাচলত বাধা। যান-বাহনসমূহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে নগৈ সুকীয়া পথেৰে যোৱাৰ নিৰ্দেশ। এই কথা প্ৰকাশ অসম আৰক্ষীৰ। তাৰ বাবে আৰক্ষীয়ে নিৰ্দিষ্ট কৰি দিছে পথসমূহ।
উজনি অসমৰ পৰা আহিব লগা গধূ-যানবাহনসমূহ ডিব্ৰুগড়-বগীবিল হৈ উত্তৰ অসমেৰে নামনি অসমলৈ যাব পাৰিব।
নামনি অসমৰ পৰা যাব লগা বাহনসমূহ শৰাইঘাট হৈ বাইহাটা, উত্তৰ অসম হৈ বগীবিলে উজনি অসম যাব পাৰিব।
ইয়াৰ উপৰিও ৰঙিয়া দিশৰ পৰা বাইহাটা হৈ উত্তৰ অসমে বগীবিলে যাব পাৰিব উজনিলৈ।
উজনি অসমলৈ গুৱাহাটীৰ পৰা যোৱা বাহনসমূহ কলীয়াভোমোৰা পাৰ হৈ উত্তৰ-অসম হৈ বগীবিলে যাব পাৰিব উজনিলৈ।
উল্লেখ ইতিমধ্যে যান-বাহনত টাইম কাৰ্ড ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যান পাৰ হোৱা বাবে।













