![]()
ছাইদুল ইছলাম
ডিফু : উচ্চ মানদণ্ড তথা গুণবিশিষ্ট কাৰ্বি আংলঙৰ আদাই বিগত সময়ছোৱাত এক বিশেষ আদৰ লাভ কৰি অহাৰ সময়তে জিলাখনৰ আদা খেতিয়ক সকললৈ এক আনন্দৰ বতৰা কঢ়িয়াই আনি কাৰ্বি আংলঙৰ আদাই লাভ কৰিছে ’জিঅ’গ্ৰাফীকেল ইণ্ডিকেশ্যন’ । কাৰ্বি আংলং জিলাত উৎপাদিত সামগ্ৰী হিচাপে প্ৰথমবাৰৰ বাবে এই বিৰল সন্মান লাভ কৰা আদাৰ নামত সেয়েহে ভাৰতীয় ডাক বিভাগে এক বিশেষ ক’ভাৰৰ ব্যৱস্থা কৰিছে। আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ডাক বিভাগৰ নগাঁও সংমণ্ডলৰ উদ্যোগত আযোজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতহএই বিশেষ কভাৰৰ শুভ উন্মোচন কৰা হয় । অনুষ্ঠানটোত উপস্থিত থাকি প্ৰদান কৰা ভাষণত কাৰ্বি আংলং জিলাৰ বাবে আজি এক বিশেষ দিন বুলি উল্লেখ কৰি আগত দিনতো জিলাখনত উৎপাদিত হোৱা আদিৰ মানদণ্ড অটুট ৰখাৰ বাবে আহ্বান জনায়।
আনহাতে, এই সন্দৰ্ভত সাংবাদিকৰে হোৱা বাৰ্তালাপত ডাক বিভাগৰ নগাঁও সংমণ্ডলৰ অধীক্ষক দেৱাশিস গোস্বামীয়ে ডাক বিভাগৰ এনে পদক্ষেপৰ জৰিয়তে দেশে-বিদেশে কাৰ্বি আংলঙৰ আদাই এক বিশেষ প্ৰচাৰ লাভ কৰাৰ সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰাই কাৰ্বি আংলঙৰ কৃষকসকলৰো সৰ্বাংগীণ বিকাশৰ পথ প্ৰশস্ত হ’ব বুলি বিষয়াগৰাকীয়ে আশা প্ৰকাশ কৰে।
আনহাতে, কাৰ্বি আংলঙৰ আদা খেতিয়কসকলকো যথাসম্ভৱ সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে বিষয়াগৰাকীয়ে। আজিৰ এই বিশেষ অনুষ্ঠানটোত কাৰ্বি আংলং জিলা কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক বিদু কুমাৰ ৰাইজুং, জিনফেডৰ জীতেন চাৰফাংছা আদি উপস্থিত থাকে।













