![]()
অজন্তা তালুকদাৰ
বোকাখাত : অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনৰ জল জীৱন মিছনৰ পুনৰ সংযোজিত আচঁনিৰ অধীনত ম’হমাইকী পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে।
উল্লেখযোগ্য যে, সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাত সমষ্টিতো আজি বোকাখাত জনস্বাস্থ্য কাৰীকৰি বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনত জল জীৱন মিছনৰ ৬টাকৈ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। ইয়াৰে ম’হমাইকী গাওঁ পঞ্চায়তত ৩টা, মধ্য কাজিৰঙা, পূব কাজিৰঙা তথা উত্তৰ-পূৱ কাজিৰঙা গাওঁপঞ্চায়তত একোটাকৈ মুঠ পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰা হয়। বোকাখাত মহকুমাৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে মহকুমাটোৰ আন ৫টা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে।
জল জীৱন মিছনৰ অধীনত ম’হমাইকী গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা ৩টাকৈ পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ৪৮৪ ঘৰত, মধ্য কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ২২৮ ঘৰত, পূব কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ২৭০ ঘৰত আৰু উত্তৰ-পূব কাজিৰঙা গাওঁ পঞ্চায়তত নিৰ্মাণ কৰা পানী যোগান আঁচনিৰ জৰিয়তে মুঠ ৪৪২ ঘৰত বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰা হৈছে।













