![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সন্দেহযুক্ত ডিএনএলএ উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলীচালনাত ডিমা হাছাও জিলাৰ দিয়ংমূখত ৫ জনকৈ নিৰিহ গাড়ী চালকৰ নিহত হোৱাক কেন্দ্ৰ কৰি আজি ডিফুত সমূহীয়া শ্ৰদ্ধাঞ্জলী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ নিহত চালক কেইজনক কৰা বৰ্বোৰচিত আক্ৰমণৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীৰ মাজতে ডিফু ট্ৰাক পাৰ্কিঙত পুৱাৰ ভাগত কাৰবি আংলং মটৰ ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্চ এণ্ড ড্ৰাইভাৰ ইউনিয়নৰ সৌজন্যত আৰু সদৌ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনৰ সহযোগত নিহত চালক সকলৰ আত্মাৰ সদ্গতিৰ সমূহীয়াকৈ গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলী কাৰ্যসূচীত প্ৰায় দুই শতাধিক চালক আৰু মটৰ শ্ৰমিকে অংশ গ্ৰহণ কৰি “আমাৰ দাবী মানিবই লাগিব, চালক আৰু শ্ৰমিকৰ ওপৰত অত্যচাৰ নচলিব, চালক আৰু শ্ৰমিক ঐক্য এক হওক” আদি ধমবনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ডিফু অট’ট্ৰাক এছচিয়েচনো উক্ত কাৰ্যত সহযোগিতা আগবঢ়ায়৷ ইয়াৰোপৰি মাঞ্জাতো টেক্সি এছচিয়েচন, ট্ৰাক এছচিয়ছনে সমূহীয়া শ্ৰদ্ধাঞ্জলী কাৰ্যসূচী ৰূপায়ণ কৰে ৷
ডিফুত কাৰবি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি সাধাৰণ সম্পাদক ক্ৰমে আব্দুল নুৰ আৰু কৃষ্ণ ভট্টৰায়ক অনুসৰণ কৰি সকলো চালক আৰু শ্ৰমিকসকলে নিহত চালকসকলৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলী, মাল্যাৰ্পণ আৰু ধূপ-ধুনাৰে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগতে ১ মিনিট সময় মৌন প্ৰাৰ্থা কৰে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সন্থাৰ সভাপতি, সম্পাদক দ্বয়ে নিৰিহ চালকৰ ওপৰত উগ্ৰপন্থীয়ে নিৰ্দয়ভাবে গুলীচালনা কৰি হত্যা কৰা কাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ উগ্ৰপন্থীয়ে বাৰে বাৰে কিয় নিৰিহ চালক আৰু শ্ৰমিকক টাৰ্গেট কৰি লয় বুলি প্ৰশ্ন কৰে ৷ চালক আৰু শ্ৰমিকৰ দোষ ক’ত? চৰকাৰে নিহত শ্ৰমিক সকললৈ ঘোষণা কৰা ৫ লাখ টকীয়া এককালীন সাহায্যই শ্ৰমিক জীৱনৰ মূল্য নেকি বুলি প্ৰশ্ন কৰে সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ে ৷
উক্ত গণহত্যাত নিহত আৰু আহত চালক সকলৰ পৰিয়াল বৰ্গলৈ অসম মটৰ শ্ৰমিক ফেডাৰেশ্যনে দাবী কৰা মতে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনায় ৷ ভৱিষ্যতলৈ চালক সকলৰ জীৱন যাতে সুৰক্ষিত তাৰ বাবে উগ্ৰপন্থীৰ কাৰ্যকলাপ ৰোধ কৰাৰ লগতে উগ্ৰপন্থীক অসমৰ ভূমিৰ পৰা উৎখাত কৰিবলৈ দাবী জনায় নেতাদ্বয়ে ৷
আনহাতে আজিৰ সমূহীয়া শ্ৰদ্ধাঞ্জলী কাৰ্যসূচীৰ লগত সংগতি ৰাখি কেইমাহমান পূৰ্বে ডিফুৰ পৰা নিজৰ টাটা ডিআইলৈ নিকুদ্দেশ হৈ অৱশেষত দুৰ্বৃত্তৰ নিৰ্ম আক্ৰমনত নিহত হোৱা চালক আফজল আলীৰ আত্মাৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ৷












