![]()
স্বাস্থ্য প্ৰতিবেদন:
পৃথিৱীত প্ৰায় ১২ শতাংশ মানুহ থাইৰয়েডজনিত সমস্যাত ভোগে। থাইৰয়েডৰ সমস্যা অত্যন্ত সাধাৰণ আৰু পৰিচিত এটি ৰোগ। বেছিভাগ সময়তে মহিলাসকল বেছি আক্রান্ত হ’লেও মহিলা-পুৰুষ নির্বিশেষে থাইৰয়েড গ্রন্থিৰ সমস্যা বহু মানুহৰ শৰীৰত দেখা দিয়ে।
আপোনাৰ শৰীৰত থাইৰয়েডৰ সমস্যা দেখা দিছেনে নাই তাক জনাৰ বাবে এই আঠটা লক্ষণৰ দিশে নজৰ ৰাখক। এই শাৰীৰিক বা মানসিক লক্ষণবোৰ দেখা দিলে ততাতৈয়াকৈ সতর্ক হোৱা উচিত।
ক্লান্তি
থাইৰয়েডৰ সকলোতকৈ সাধাৰণ লক্ষণ হৈছে ক্লান্তি। থাইৰয়েড হৰমোনে মূলত শৰীৰত শক্তি যোগান ধৰে। আপুনি যদি অতিৰিক্ত ক্লান্তি অনুভৱ কৰে, তেনেহ’লে সেয়া থাইৰয়েড হোৱাৰ লক্ষণ হ’ব পাৰে।
ওজন বৃদ্ধি হোৱা
অতিৰিক্ত ওজন বৃদ্ধি হোৱাটোও থাইৰয়েডৰ লক্ষণ হ’ব পাৰে। শৰীৰৰ বিপাকৰ মাত্রা যদি কমি যায় বা বাঢ়ি যায়, তাৰ লগতে আপোনাৰ শৰীৰৰ কিমানখিনি কেলৰি বা ফেটৰ মাত্রাৰ হেৰফেৰ হোৱাটো খুবেই স্বাভাৱিক, যাৰ চাপ আপোনাৰ ওজনত পৰিব।
অতিৰিক্ত ঠাণ্ডা লগা
বেছি শীত নপৰিলেও যদি আপোনাৰ খুব সহজতেই ঠাণ্ডা লাগে, তাৰ মানে আপোনাৰ শৰীৰত যথেষ্ট পৰিমাণে কেলৰি সৰা নাই। বৰং আপোনাৰ শৰীৰত কেলৰি সঞ্চয় কৰি ৰাখে। যিয়ে থাইৰয়েড হোৱাৰ লক্ষণ হিচাবে ধৰা দিব পাৰে।
পেশী আৰু গাঁথিত দুর্বলতা আৰু যন্ত্রণা
বিপাকৰ সমস্যাৰ কাৰণে আপোনাৰ পেশীৰ আৰু গাঁথিৰ শক্তিৰ ক্ষয় হ’ব পাৰে। যাৰ ফলত আপোনাৰ পেশী বা গাঁথি দুর্বল হৈ যাব পাৰে।
চুলি সৰা
থাইৰয়েডৰ সমস্যা হ’লে আপোনাৰ চুলি সৰা বাঢ়ি যাব পাৰে। চুলিৰ গুৰি দুর্বল হৈ যোৱাৰ বাবে বহু ক্ষেত্রতেই থাইৰয়েডজনিত সমস্যা দায়ী।
অৱসাদ
বিভিন্ন সমীক্ষা অনুযায়ী বেছিভাগ মানুহ যিসকলে থাইৰয়েডৰ সমস্যাত ভুগিছে, তেওঁলোক অৱসাদৰ কবলত পৰিব পাৰে।
মনোযোগ দিব নোৱাৰা আৰু পাহৰি যোৱা
থাইৰয়েডৰ সমস্যাত ভোগাসকলে বহুতেই মানসিক ক্লান্তিৰ কথা কয়। মনোযোগ দিব নোৱাৰে, বা সহজতেই কোনো কথা পাহৰি যোৱা, এইবোৰ থাইৰয়েডৰ ক্ষেত্রত অত্যন্ত পৰিচিত লক্ষণ।
ঋতুস্রাৱৰ সমস্যা
শৰীৰৰ অন্যান্য হৰমোনৰ সৈতে থাইৰয়েড হৰমোনৰ সম্পর্ক থকাত, সেই হৰমোনৰ বৃদ্ধি বা হ্ৰাসে অন্যান্য হৰমোনৰ কার্যকাৰিতাকো প্রভাৱিত কৰিব পাৰে। ঋতুস্রাৱ জড়িত হৰমোনৰ ক্ষেত্রতো এই সমস্যা দেখা দিব পাৰে। যাৰ ফলত ঋতুস্রাৱৰ সময় আৰু তীব্রতাত সমস্যা হ’ব পাৰে।













