![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
বিজেপিত আনুষ্ঠানিক যোগদান ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণী তালুকদাৰ। দলৰ হেঙেৰাবাৰী ৰাজ্যিক কাৰ্যালয়ত গেৰুৱাবসন পিন্ধে তালুকদাৰে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দললৈ আদৰে বিধায়কগৰাকীক।
‘এআইইউডিএফৰ বিধায়ক হোৱা পাছত সত্ৰ-নামঘৰলৈ যোৱাৰ পথ বন্ধ হৈছিল। দোদুল্যমান অৱস্থাত পৰিছিলোঁ, মোৰ লগতে মনোকষ্ট সমষ্টিবাসীয়ে পাইছিলোঁ। বিজেপি কাৰ্যক্ৰমনিকা-আদৰ্শত আপ্লুত হৈ ৩ মাহতে বিধায়ক পদত্যাগ কৰি ঐতিহাসিক ঘটনা কৰিলোঁ’- বিজেপিত যোগদান কৰি এইদৰে তালুকদাৰে।
উল্লেখ যে প্ৰথমবাৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল ফণী তালুকদাৰ। আনহাতে, তালুকদাৰ বিজেপিত যোগে দিয়াৰ পাছতে উপ-নির্বাচনৰ আসনৰ সংখ্যা বৃদ্ধি হ’ল ৬খনলৈ।
তালুদাৰৰ যোগদান অনুষ্ঠানত উপস্থিত থাকে বিজেপি শীর্ষ নেতৃত্ব।













