![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দেশত পুনৰ বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্য। ২৫ টকাকৈ বৃদ্ধি পালে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ মূল্য। ইয়াৰ বিপৰীতে ৭৩.৫০ টকা কৈ বৃদ্ধি পালে বাণিজ্যক চিলিণ্ডাৰ মূল্য।
উল্লেখ যে নতুনকৈ বৃদ্ধি হোৱা দাম অনুসৰি ঘৰুৱা চিলিণ্ডাৰ মূল্য হ’ল ৯৬০টকা। কিন্তু ৰাজ্যৰ কিছু ঠাইত ইয়াৰ মূল্য ১০০০ টকা স্পৰ্শ কৰে।
আনহাতে, বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য ১৮৬১ টকালৈ বৃদ্ধি হ’ল।
বুধবাৰ পৰা ৰন্ধন গেছত প্ৰযোজ্য হৈছে নতুন নিৰিখ।













