নিউজ ডেস্কঃ
ৰক্তচাপজনিত সমস্যাত হস্পিটেলত ভর্তি হ’বলগা হৈছে প্রবীণ অভিনেত্রী চায়েৰা বানু। খাৰ মুম্বাইৰ এখন ব্যক্তিগত হস্পিটেলত ভর্তি কৰোৱা হৈছে তেওঁক। সম্প্ৰতি তেওঁ আছে ইনটেনচিভ কেয়াৰ ইউনিটত। সংবাদ সংস্থাৰ সূত্র মতে, অসুস্থতাৰ কাৰণে তিন দিন পূৰ্বেই তেওঁ ভৰ্তি হৈছিল হস্পিটেলত। অৱস্থাৰ অৱনতি ঘটাত তেওঁক বুধবাৰে পুৱা আইচিইউলৈ স্থানান্তৰিত কৰা হয়।
উল্লেখ্য, এইখন হস্পিটেলতেই হাওঁফাওঁৰ সংক্রমণ লৈ ভর্তি হৈছিল অভিনেত্রীগৰাকীৰ স্বামী তথা কিংবদন্তি অভিনেতা দিলীপ কুমাৰো। বার্ধক্যজনিত দীর্ঘ ৰোগত ভুগি ৭ জুলাইত ৭৭ বছৰ বয়সত তাতেই শেষ নিঃশ্বাস ত্যাগ কৰিছিল অভিনেতাগৰাকীয়ে। দিলীপ কুমাৰৰ মৃত্যুত সুদীর্ঘ কেইবা দশকৰ দাম্পত্যত ইতি পৰাৰ লগে লগেই মানসিকভাবে ভাঙি পৰিছিল চায়েৰা বানু। শেষকৃত্যৰ পিছত অভিনেত্রীগৰাকীয়ে কৈছিল, ‘‘আল্লাই মোৰ জীয়াই থকাৰ উৎসই কাঢ়ি নিলে। ‘চাহাব’ক এৰি মই একো ভাবিব নোৱাৰো।’’
‘জংলি’ হৈছে চায়েৰা বানুৰ প্রথম হিন্দি ছবি। তেওঁৰ বিপৰীতে অভিনয় কৰিছিল প্রয়াত অভিনেতা শাম্মি কাপুৰে। ‘পড়োশন’ (১৯৬৮), ‘হেৰা ফেৰি’ (১৯৭৬), ‘দিৱানা’ (১৯৬৭) ‘পূৰব ঔৰ পশ্চিম’ (১৯৭০)ৰ দৰে ছবিয়ে তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। ১৯৬৬-ত তেওঁৰ ‘সপোনৰ ৰাজকুমাৰ’ দিলীপ কুমাৰৰ সৈতে বিয়া। তেতিয়া তেওঁৰ বয়স মাত্র ২২ বছৰ। বিয়াৰ পিছতো আৰু ১০ বছৰ অভিনয় কৰে চায়েৰা বানুই।