![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে সীমা সমস্যাক কেন্দ্ৰ কৰি মাজে সময়ে সীমান্ত এলেকাত উত্তেজনাৰ সৃষ্টি হৈ অহাৰ সময়তে সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ’দিয়া-লোৱা’ নীতিৰ প্ৰসংগক কেন্দ্ৰ কৰি কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠনে বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ কেইবাটাও সংগঠনে ’দিয়া-লোৱা’ নীতিৰ স্পষ্ট বিৰোধিতাৰে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
ইউনাইটেড প্ৰটেকশ্যন অৱ কাৰ্বি আংলং, ইউনাইটেড কাৰ্বি য়ুথ কাউন্সিল, সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থা প্ৰভৃতি সংগঠনে আজি জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰকপত্ৰত সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ ’দিয়া-লোৱা’ নীতিৰ বিৰোধিতা কৰাৰ লগতে এনে নীতি প্ৰত্যাহাৰ কৰা, সকলো পক্ষ আৰু সামাজিক সংগঠনক এই প্ৰক্ৰিয়াত জড়িত কৰা আৰু সীমান্তৰ বিবদমান এলেকাত মেঘালয়ৰ আমোলা-বিষয়াৰ অনাধিকাৰ প্ৰৱেশ বন্ধ কৰা তথা এনে স্থানত মেঘালয় চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ উন্নয়নমূলক আঁচনি বন্ধ কৰাৰ দাবী জনোৱা হয়।












