![]()
স্বাস্থ্য প্ৰতিবেদন:
কেইবাবিধো ফল আৰু পাচলিয়ে শৰীৰত প্রয়োজনীয় ভিটামিন-চিৰ যোগান ধৰিব পাৰে। যেনে—
১) পকা অমিতা :
এটি সৰু পকা অমিতাত ৯৫.৬ মিলিগ্রাম ভিটামিন-চি থাকে। যদি হাড়ৰ বিষ বা চর্দি-কাহৰ সমস্যাত ভোগে, তেতিয়া পুৱাৰ সময়ত খাব পাৰে কিছু পকা অমিতা।
২) মধুৰিআম :
এটি ডাঙৰ আকাৰৰ মধুৰিআমত থাকে ৩৭৭ মিলিগ্রাম ভিটামিন-চি। মধ্যযুগত নাবিকসকলৰ ভিটামিন-চিৰ ঘাটি অতি গুৰুতৰ সমস্যা আছিল। তাৰ পৰা বিভিন্ন ধৰণৰ অসুস্থতাই দেখা দিছিল। তেতিয়া চিকিৎসকসকলে নিয়মিত মধুৰিআম খাই ৰোগ আঁতৰাইছিল বুলি শুনা যায়।
৩) ব্রকলি :
এক কাপ ব্রকলি বটাত থাকে ৮১.২ মিলিগ্রাম ভিটামিন-চি। কিন্তু বেছি ঠাণ্ডা বা অতিৰিক্ত গৰমত ৰাখিলে তাৰ পৰিমাণ কিছু কমি যায়। অর্থাৎ, কেঁচা ব্রকলিত যিমান ভিটামিন থাকে, ৰন্ধাৰ পিছত সিমানখিনি নাথাকে। তথাপিও বহু খাদ্যৰ তুলনাত বেছি ভিটামিন-চি শৰীৰত প্রবেশ কৰে নিয়মিত ব্রকলি খালে।
৪) শাক :
যিকোনো সেউজীয়া শাকতে থাকে যথেষ্ট পৰিমাণে ভিটামিন-চি। ইয়াৰ উপৰি, নিয়মিত শাক খালে শৰীৰত বহুখিনি আয়ৰন প্রবেশ কৰে।
৫) আলু :
এটি ডাঙৰ আলুত থাকে ৭২.৭ মিলিগ্রাম ভিটামিন-চি। ফলত প্রতিৰোধ শক্তি বাঢ়িব পাৰে নিয়মিত আলু খালেও।













