![]()
স্বাস্থ্য প্ৰতিবেদন:
শিশুৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতিখন ঘৰেই চেষ্টা কৰে। কৰোনাৰ বাবে এই দিশটোত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহিছে। শিশুসকলক সৰুৰে পৰাই কেইটামান অভ্যাস কৰাব পাৰিলে সিহঁতৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি পাব।
১) সৰুৰে পৰাই শাক-পাচলি খোৱাৰ অভ্যাস কৰাওক। ভিটামিন, মিনাৰেলৰ দৰে প্রয়োজনীয় বিভিন্ন উপাদান তাৰ জৰিয়তে শৰীৰত প্রবেশ কৰিব।
২) পৰিচ্ছন্নতা কিমান জৰুৰী, সেই বিষয়ত শিকাওক। খোৱাৰ আগতে হাত ধোৱা, খেলা-ধুলা কৰি আহি হাত-মুখ পৰিষ্কাৰ কৰাৰ অভ্যাস প্রথমৰ পৰাই যাতে গঢ়ি উঠে তাৰ প্ৰতি লক্ষ্য কৰক।
৩) সঘনাই পানী খোৱাৰ অভ্যাস কৰাব লাগে। সৰুৰে পৰা নিজেই যেন পানী খোৱাৰ অভ্যাস কৰে। শৰীৰে প্রয়োজনীয় পানী পালে বহু ৰোগৰ সৈতে যুঁজিবলৈ সক্ষম হয়।
৪) ফাইবাৰৰ পৰিমাণ বেছি থকা খাদ্য খুওৱাত গুৰুত্ব দিয়ক। তাৰ ফলত হজমশক্তি বাঢ়িব। ৰোগ প্রতিৰোধ ক্ষমতাও বেছি হ’ব। দাইল, শাক-পাচলিত যথেষ্ট ফাইবাৰ থাকে। সেইবোৰ খুৱাব লাগিব।
৫) সময় মতে শোৱাৰ অভ্যাসো সৰুৰে পৰা গঢ়ি তোলাটো জৰুৰী। পর্যাপ্ত টোপনি নহ’লে হাজাৰ নিয়ম মানিও লাভ নহয়। সুস্থ থকাৰ বাবে নিশা ৮ ঘণ্টা টোপনি অতি প্রয়োজনীয়।













