ষ্টাফ ৰিপ’ৰ্টাৰ
উজানবজাৰ হত্যাকাণ্ড হত্যাকাৰী ধৃত আশীক গুপ্তাক আদালতত হাজিৰ। কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত শুকুৰবাৰে লতাশিল আৰক্ষীয়ে হাজিৰ কৰে ধৃত হত্যাকাৰীটোক।
আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছে। আৰক্ষীয়ে ৫ দিনৰ নিজৰ জিম্মাত বিচাৰিছিল।
উল্লেখ যে বুধবাৰে দিন-দুপৰতে হত্যা কৰিছিল ১৪ বছৰীয়া ভগ্নী ডিম্পল কুমাৱতক। নিৰ্মমভাৱে পতাগুটি, প্ৰেছাৰকুকাৰ আৰু চুৰিৰে হানি-খুচি হত্যা কৰিছিল সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক।
গুৰুত্বপূৰ্ণ যে হত্যাকাৰী আশীক গুপ্তা আছিল মৃত ডিম্পলৰ জেঠায়েকৰ পুত্ৰ।