ষ্টাফ ৰিপ’ৰ্টাৰ
উজানবজাৰ লোমহৰ্ষক হত্যাকাণ্ডৰ হত্যাকাৰী অভিষেক গুপ্তা ওৰফে আশিকৰ ওপৰত ভয়ংকৰ বৰ্ণনা কিশোৰীৰ ডিম্পল কুমাৱতৰ মাতৃ-পিতৃৰ। কিদৰে ভগ্নীক হত্যা কৰিছিল ধৃত আশিকে তাত সবিশেষ শিহৰণকাৰী বৰ্ণনা দিলে ডিম্পলৰ দুৰ্ভগীয়া মাতৃ অঞ্জলি কুমাৱতে। বুধবাৰে দিন-দুপৰতে সংঘটিত লোমহৰ্ষক ভয়ংকৰ হত্যাকাণ্ডৰ সবিশেষ বৰ্ণনা কৰি কিশোৰী ডিম্পলৰ মাতৃয়ে কয়-
‘কুকাৰেৰে সি ছোৱালীজনীক মাৰি দিলে। বেহুচ হৈ পৰি যোৱাত মাঠা তলত পতাখন ৰাখি গুটিটো লৈ ৰহিমলাৰ নিচিনা থুকোছি-থুকোচি মাৰিলে। মোৰ ছোৱালী ৭৫ কেজি ওজনৰ। তাইৰ শক্তি চাই তাক মাৰিব পাৰিলেহেঁতেন, কিন্তু সি কুকাৰটো মাৰি দিলে। ফলত বেহুচ হৈ তলত পৰি গ’ল। তাই ওপৰত উঠি লোহাৰ কটাৰীলৈ ১৮-১৯ বাৰ হানিছে। তাই নমৰালৈ ৰুমৰ পৰা সি ওলাই যোৱা নাই’।
দুৰ্ভগীয়া মাতৃগৰাকীৰ বৰ্ণনা মতে- তাইক হত্যা কৰা পাছত সি ঘাটত গৈ হাত ধুই চিগাৰেট খাই বাৰোৱাৰীত মোবাইল থৈ মোৰ ওচৰত অসুৰৰ দৰে থিয় হৈছিল। মই সুধিছিলোঁ বাবা কি হ’ল সি একো হোৱা নাই ক’লে। কাৰোবাৰ লগত কাজিয়া লাগি আহিছে বুলি আৰু একো নুশুধিলোঁ। মহায়েকে হাতত ৫০ টকা দি ভন্টিৰ কাৰণে বস্তু লৈ যাব ক’লে। পইচা ল’লে কিন্তু একো নানিলে। কাৰণ সি ভাবিছিল তাইক মাৰি আহিলোঁ গাখীৰ আৰু বিস্কুট কাক দিব যাম ঘৰত। পাছত মোৰ বাইদেউৱে আহোঁতে ডিম্পল ওলোটা হৈ পৰি থকা দেখিলে। তাইৰ হাত ঠাণ্ডা। জীৱটো নোযোৱালৈকে সি তাইক মাৰি দিলে’।
আনহাতে, হত্যাকাণ্ডৰ মূল কাৰণ বৰ্ণনা কৰি তেওঁ কয়- ‘সি ঘৰত পইচা চোৰ কৰিছিল। বাপেকে মোবাইলটো লৈ ল’লে। তাৰ ফোন নাই। সি কোনোবা ছোৱালী ভাল পাই। মোৰ ছোৱালীৰ মোবাইল ফোনটো টানি থাকে। সেইদিনাও তাইৰ ফোনটো বিচাৰিছিল হয়তো আৰু কথা কটা কটি লাগিছিল। তাৰ পাছতে তাই আমাক কৈ দিব বুলি সি একেবাৰে মাৰি পেলালে’।
ইফালে, ডিম্পলক ধৰ্ষণ বা তেনে কোনো দুষ্কাৰ্য কৰি হত্যা কৰিব পাৰে নেকি বুলি সাংবাদিকে কৰা প্রশ্নত মাতৃয়ে কয়- ‘ডিম্পলে কাপোৰ পিন্ধিলেও সি নাচায়। সৰুৰ পৰা তাক ডাঙৰ কৰিছোঁ। চুৰি-তাৰি কৰিব পাৰে। তাৰ নিয়ত বেয়া নহয়। ছোৱালীৰ লগত ৰেপ কেচত সি নাই। সেইয়া মোৰ বা অন্য ছোৱালীয়ে হওঁক। মিছা কথা কৈ পাপ নলও। সি মোৰ ভাগিন হয় কিন্তু বেলেগ হোৱাৰহেতেঁনো নেদেখাকৈ এইবোৰ অভিযোগ নিদিওঁ। তাক যি শাস্তি দিয়ে আইনে দিব। এনকাউণ্টা কৰিলেও আইনে কৰিব তাত আমাৰ একো নাই’।
আনহাতে, হত্যাকাৰী আশিক প্ৰায় আমাৰ ঘৰত থাকে। অধিক ড্ৰাগছ খাইছিল সি। কিন্তু শেহতীয়াকৈ দুই -তিনিমাহৰ পৰা ড্ৰাগছ খোৱা নাই। সন্ধিয়া বা দুপৰীয়া কিন্তু ভাং খাই। ড্ৰাগছ খাই মানুহ মাৰে বুলি জানো ব্ৰেইনটো বেয়া কৰি দিয়ে, কিন্তু ভাং খালে ইমান বেয়া হয় জানো !- মাতৃগৰাকীয়ে কয়।
আলমিৰা-বাকচ লণ্ডভণ্ড কৰা সন্দৰ্ভত ডিম্পলৰ মাতৃয়ে কয়- চোৰ সোমাই হত্যা কৰাৰ ৰূপ দিবলৈ সি সেইবোৰ কৰিছিল। ডিম্পলে আমাৰ পৰা পইচা লৈ তাক দিছিল। কিন্তু সি সেইজনী ছোৱালীক মাৰি পেলালে। তাই নিজে নাখায় তাক খাবলৈ পইচা দিয়ে’।
আনহাতে, ডিম্পলৰ পিতৃ অশোক কুমাৱতে কয়- মোৰ ছোৱালী নাই। মই কাক কি কম। আইনে যি কৰে কৰক। জীৱনত যাতে সি বাহিৰলৈ ওলাই আহিব নোৱাৰে। জীৱনটো কাক লৈ মই জীয়াই থাকিম।
উল্লেখ যে শুকুৰবাৰে আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে ধৃত হত্যাকাৰীটোক।