নিউজ ডেস্কঃ
তামিল উপন্যাস ‘পোন্নিয়েন ছেলভান’ৰ আধাৰত বহুভাষিক ছবিৰ কাম আৰম্ভ কৰিছে পৰিচালক মণিৰত্নমে। চিনেমাৰ শ্বুটিঙত এটি যুদ্ধৰ দৃশ্য আছে। তাত বহু ঘোঁৰা ব্যৱহাৰ কৰা হৈছে। তাৰে মাজৰ এটি ঘোঁৰাৰ মৃত্যু হয়। তাকে লৈ আইনী মেৰপেচত সোমাই পৰিছে পৰিচালক মণিৰত্নম। আবদুল্লাপুৰম থানাত পিপল ফৰ এথিকেল ট্রিটমেন্ট অব এনিমেলছে (PETA) অভিযোগ দাখিল কৰিছে।
PETAৰ দাবী, খাদ্য আৰু পানী নাপায়েই মৃত্যু হৈছে ঘোঁৰাটোৰ। প্রশ্ন উঠিছে, উন্নত প্রযুক্তিৰ যুগত কিয় ঘোঁৰাক কামত লগাই মৃত্যুৰ দুৱাৰদলিলৈ ঠেলি দিয়া হ’ল? অৱশ্যে এই সন্দৰ্ভত পৰিচালকজনে কোনো উত্তৰ দিয়া নাই।
ছবিখনত ভিলেইনৰ চৰিত্রত দেখা যাব ঐশ্বর্য ৰায়ক।