![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : আজি পুৱাৰ ভাগত বকলীয়াঘাট থানাৰ অন্তৰ্গত শিলভেটাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত একৰাকী মহিলা নিহত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা প্ৰায় ৯-৩০ বজাত বকলীয়াঘাটৰ পৰা ডিফু অভিমুখে গৈ থকা এএছ ০৯ চি ৮৬৬৬ নম্বৰৰ যাত্ৰীবাহী বাছখনে শিলভেটা পোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ উক্ত ঘটনাত এগৰাকী মহিলাৰ দুৰ্ঘটনাস্থলীতে মৃত্যু হয় ৷ নিহত মহিলাগৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷
আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছখনৰ চালক হেণ্ডিমেন উক্ত স্থানৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷













