![]()
নিউজ ডেস্কঃ
পত্নীক হত্যা কৰি থানাত আত্মসমর্পণ কৰে এজন বেংক কৰ্মচাৰীয়ে। কুকুৰৰ বেল্টেৰে ডিঙিত ফাঁচি লগাই পত্নীক হত্যা কৰে তেওঁ। দেওবাৰে নিশা ঘটনাটি ঘটে পশ্চিংবংগৰ পশ্চিম বর্ধমানৰ কাঁকচা থানা এলেকাত। পত্নীক হত্যাত অভিযুক্ত ব্যক্তিজনৰ নাম বিপ্লৱ পৰিয়াদ। তেওঁ চেণ্ট্ৰেল বেঙ্ক অব ইণ্ডিয়াৰ দুর্গাপুৰ শাখাৰ কর্মচাৰী।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত বিপ্লৱে দেওবাৰে নিশা থানালৈ আহি ভাৰপ্রাপ্ত বিষয়াগৰাকীক কয় যে তেওঁ পত্নীক হত্যা কৰিছে। লগে লগে আৰক্ষীয়ে তেওঁক লৈ ঘৰলৈ যায় আৰু মজিয়াত পৰি থকা বিপ্লৱৰ পত্নীৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতকৰ নাম ঈপ্সা প্রিয়দর্শিনী (২৫)।
২০১৯ চনত বিপ্লৱে বিয়া কৰাইছিল ঈপ্সাক। ওড়িশাৰ কটকৰ বাসিন্দা তেওঁ। কর্মসূত্রে তেওঁলোকে কাঁছকাত ভাৰাঘৰত থাকে। বিয়াৰ পিছৰ পৰাই তেওঁলোক দুয়োৰে মাজত অশান্তি হৈ আছিল বুলি অভিযুক্তই আৰক্ষীক জনায়। দেওবাৰেও তেওঁলোকৰ মাজত কথাৰ কটাকটি চলিছিল। সেই সময়তেই ঈপ্সাৰ ডিঙিত কুকুৰৰ বেল্টেৰে ফাঁচি দি বিপ্লৱে পত্নীক হত্যা কৰা বুলি স্বীকাৰ কৰে। পত্নীৰ মাত্রাধিক চাহিদা আৰু অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়েই তেওঁক হত্যা কৰা বুলিও আৰক্ষীৰ আগত তেওঁ কয়।
ইতিমধ্যে হত্যাৰ গোচৰ ৰুজু কৰি কাঁকছা থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।











