![]()
নিউজ ডেস্কঃ
পঞ্জছেৰ দখলৰ দাবী কৰাৰ পিছতেই আফগানিস্তানত চৰকাৰ গঠনৰ প্রস্তুতি শেষ হোৱা বুলি দাবী কৰিলে তালিবানে। নতুন চৰকাৰ গঠনৰ অনুষ্ঠানত পাকিস্তান, চীন, ৰাছিয়া, কাটাৰ, তুৰস্ক আৰু ইৰানক আমন্ত্রণ জনোৱা হৈছে বুলিও জনাইছে তালিবানৰ প্রধান মুখপাত্র জাবিৰুল্লা মুজাহিদে। এই পর্যন্ত তালিবানৰ আমন্ত্রণৰ তালিকাত নাম নাই ভাৰতৰ।
https://twitter.com/AsvakaNews/status/1434751990299435009
সোমবাৰে পুৱা জাবিৰুল্লাই দাবী কৰে, আফগানিস্তানৰ শেষ প্রদেশ হিচাবে পঞ্জছেৰ এতিয়া আমাৰ দখলত। সমগ্ৰ আফগানিস্তান দখললৈ নিছে তালিবানে।’
অৱশ্যে এই দাবী মিছা বুলি ওলোটাই দাবী কৰা হৈছে। নেচনেল ৰিজিষ্টেন্স ফ’ৰ্চ অব আফগানিস্তানে টুইট কৰি জনাইছে, ‘তালিবানৰ পঞ্জছেৰ দখলৰ দাবী মিছা। এতিয়াও তাত প্রতিৰোধ বাহিনী আছে। আমি যুঁজি আছো। আমি আফগানসকলক প্রতিশ্রুতি দিছো, স্বাধীনতা আৰু নিজৰ অধিকাৰ ঘূৰাই পাবলৈ যিমান দিন নহওক আমি যুঁজি যাম।’











